ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। কোন কোন জিলিকিল প্ৰথম দহটা স্থানত?

HSLC

ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে ফলাফল। ১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল। 

প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ হৃদম ঠাকুৰীয়া। শংকৰদেৱ শিশু নিকেতন, ঢেকীয়াজুলিৰ ছাত্ৰ হৃদম। হৃদমে লাভ কৰিছে মুঠ ৫৯৬– নম্বৰ। দ্বিতীয় স্থানত উজ্বলিল চাৰিগৰাকী শিক্ষাৰ্থী। নগাঁও চৰকাৰী গভৰ্ণমেণ্ট বয়জ এইচ এছ স্কুলৰ ইছৰত ফাৰিহা, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু সোণাৰিৰ ছেইণ্ট যোছেফ স্কুলৰ আদিত্য অনুপম কোঁৱৰে দখল কৰিছে দ্বিতীয় স্থান। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰকৈ। তৃতীয় স্থানত জিলিকিল দৰঙৰ দুমুনীচকী ইংলিছ স্কুলৰ নিলুফাৰ ৰহমান, গোলাঘাটৰ আদৰ্শ বিদ্যাপীঠ বিদ্যালয়ৰ অনিন্দিতা বৰা আৰু শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাটৰ মৃগাংক ভট্টাচাৰ্য। আটাইকেইগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ৫৯২ নম্বৰকৈ। চতুৰ্থ স্থানত উজ্বলিল ৭ জনকৈ শিক্ষাৰ্থী। পঞ্চম স্থানত জিলিকিল ৫ গৰাকীকৈ শিক্ষাৰ্থী। ষষ্ঠ স্থান দখল কৰিলে ৬ গৰাকী শিক্ষাৰ্থীয়ে। সপ্তম স্থানত উজলিল সাত জনকৈ শিক্ষাৰ্থী। অষ্টম স্থান লাভ কৰিলে ১০ জনকৈ শিক্ষাৰ্থীয়ে। নৱম স্থানত জিলিকিল ১১ জনকৈ শিক্ষাৰ্থী। দশম স্থানত উজ্বলিল সাত জনকৈ শিক্ষাৰ্থী। 

উল্লেখ্য যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী পৰীক্ষাৰ্থী। ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। ছাত্ৰৰ সংখ্যা ১ লাখ ৯৪ হাজাৰ ৫৪ গৰাকী আৰু ছাত্ৰীৰ সংখ্যা ২ লাখ ২৮ হাজাৰ ১২০গৰাকী। বৰপেটাত সৰ্বাধিক ২৭,৬৪৭গৰাকী পৰীক্ষাৰ্থী থকাৰ বিপৰীতে মাজুলীত সৰ্বনিম্ন ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। উত্তীৰ্ণৰ হাৰ হৈছে ৭২, ৬৯ শতাংশ। প্ৰথম ১০ টা স্থানত আছে ৬১ গৰাকী ছাত্ৰ-ছাত্ৰী। 
 

Category
Profile picture for user UB Photos