'যি আৰক্ষী বিষয়াই জড়িত নাথাকক সকলো আহিব তদন্তৰ আওতালৈ'- জি পি সিঙৰ কঠোৰ সকীয়নি

GP Singh

SI জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদমেল। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত ডিজিপি জি পি সিঙে কয়, " ১৬ মেৰ নিশা আমালৈ এটা খবৰ আহিছিল, এটা দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ মৃত্যু হৈছে। এই ঘটনা সন্দৰ্ভত ৪ টা গোচৰ ৰজু হৈছিল। নগাঁও আৰক্ষী থানাত ৰুজু হৈছিল 443/23 আৰু জখলাবন্ধা থানাত 84/23। জখলাবন্ধা থানাত ৰুজু হোৱা অন্য এটা গোচৰ 87/23। উত্তৰ লক্ষীমপুৰ থানাত ৰুজু হৈ আছে 183/23। জোনমনি ৰাভা সমগ্র ঘটনা CID য়ে তদন্ত কৰিছিল। CID তদন্তৰ সকলো কথা মুখ্যমন্ত্ৰীক জনোৱা হৈছে। আমি আলোচনা কৰি সমগ্র ঘটনা CBIলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত ল'লো। ৰুণা নেওগক বদলি জাননী জোনমনি ৰাভা মৃত্যু আগতেই ওলাইছিল। তেওঁক ৰিৰ্জাভ ক্লজ কৰা বিষয় আহিব নোৱাৰে। জোনমনি ৰাভাই নকল টকা বিৰুদ্ধে অভিযান চলাব গৈছিল।। অভিযানত জব্দ কৰে ২  লাখৰো  অধিক টকা। নাম সাঙোৰ খোৱা সকলো আৰক্ষী বিৰুদ্ধে ব্যৱস্থা লোৱা হব। কোনো সাৰি নাযায়। নকল সোনৰ বিৰুদ্ধে যিমান ঘটনা পোহৰলৈ আহিছে আমি সকলো ব্যৱস্থা ল'ম। লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলিৰ অৰ্ডাৰ ওলাব আজি।" 

Category