নকল সোণৰ বিৰুদ্ধে অভিযান চলোৱাই কাল হ’ল নেকি জোনমণিৰ?

Junmoni

ৰহস্যৰ আৱৰ্তত সুমাই পৰিছে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু। সৃষ্টি হৈছে বহু প্ৰশ্নৰ। জোনমণি ৰাভাৰ মৃত্যু আচলতে হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ? শেহতীয়াকৈ উদ্ভৱ হৈছে আন এক প্ৰশ্নৰ। জানিব পৰা অনুসৰি নকল সোণৰ বিৰুদ্ধে অভিযান চলাইছিল SI জোনমণিয়ে! নকল সোণৰ বিৰুদ্ধে অভিযান চলোৱাই কাল হ’ল নেকি জোনমণিৰ? নকল সোণৰ ব্যৱসায়ীৰে জড়িত আছিল নেকি লখিমপুৰ আৰক্ষী? সোণ সৰবৰাহকাৰীৰ ধন লাভ কৰে নেকি লখিমপুৰ আৰক্ষীয়ে? জোনমণিক কিয় দিছিল আৰক্ষী বিষয়াই ভাবুকি? ইতিমধ্যে হাছিনা বেগম নামেৰে এগৰাকী মহিলাৰে হোৱা লখিমপুৰ আৰক্ষী বিষয়াৰ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। ফোন ৰেকৰ্ডিঙৰ পিছতেই পোহৰলৈ সমগ্ৰ ঘটনা। হাছিনা বেগমে পোহৰলৈ আনিছিল ক’লা সাম্ৰাজ্যৰ গোপন অধ্যায়। জোনমণিক নকল সোণৰ তথ্য যোগান ধৰিছিল হাছিনাই। হাছিনাৰ অভিযোগ জোনমণিক পৰিকল্পিতভাৱে কৰা হৈছে হত্যা। জোনমণিৰ দুৰ্ঘটনা, আমিনা খাতুন এজাহাৰ আৰু হাছিনা বেগমৰ অভিযোগৰ ভিত্তিত চলিব তদন্ত। পোহৰলৈ আহিব নে SI জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য?

Category