তিনিবছৰীয়া তোলনীয়া কন্যাক খুঁটাত বান্ধি নিৰ্যাতন চিকিৎসক দম্পত্তীৰ। ফেচবুক লাইভ কৰি স্পষ্টীকৰণ দি ক'ত গ'ল ডাঃ সংগীতা দত্ত?

Doctor

মহানগৰীৰ শিশু নিৰ্যাতনৰ ঘটনাই জোকাৰিছে ৰাজ্য। চৰ্চালৈ আহিছে চিকিৎসক দম্পত্তীৰ ভয়ংকৰ নিৰ্যাতন। ডাঃ ৱাল্লিউল ইছলাম, ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে অভিযোগ। ৩ বছৰীয়া 
তোলনীয়া কন্যাক নিৰ্যাতন ডাঃ দম্পতীৰ। চাঁদত কণমানিজনীক বান্ধি চলাইছিল নিৰ্যাতন। স্থানীয় লোকে প্ৰত্যক্ষ কৰে সেই ভয়ংকৰ দৃশ্য। পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে কণমানি শিশুটিক। ফেচবুক লাইভ কৰি স্পষ্টীকৰণ দি এই পৰ্যন্ত সন্ধান নাই সংগীতা দত্তৰ। ১১ মান বজাত এখন বাহনেৰে ঘৰৰ পৰা ওলাই যায় সংগীতা দত্ত। বৰ্তমান পলাতক সংগীতা দত্ত। দত্তৰ আত্মগোপনক লৈ সৃষ্টি হৈছে ৰহস্যৰ। POCSO আইনৰ অধীনত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। এইপৰ্যন্ত আটক হোৱা নাই ডাঃ সংগীতা দত্ত। পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসক ৱাল্লিউল ইছলামক। গ্ৰেপ্তাৰ বনকৰা মহিলা লক্ষী ৰায়কো। আৰক্ষীৰ জেৰাত মুখ খুলিছে লক্ষী ৰায়ে। লক্ষী ৰায়ে জনোৱা অনুসৰি- 'সংগীতা দত্তই কোবাবৰ বাবে খুঁটাত বান্ধি ৰাখিছিল শিশুটিক'। আগতেও কন্যা শিশুটিৰ ওপৰত চলাইছিল নিৰ্যাতন। এই ভয়ংকৰ অভিযোগ বনকৰা মহিলা লক্ষী ৰায়ৰ। পল্টনবজাৰ থানাত 193/2023 নম্বৰত গোচৰ কৰা হৈছে ৰুজু। 325/341 ধাৰাত লগোৱা হৈছে গোচৰটো। বিয়লি আদালতত হাজিৰ কৰাব ৱাল্লিউল আৰু লক্ষ্মীক। 

Category
Profile picture for user UB Photos