অৱশেষত আত্মসমৰ্পণ কৰিলে খালিস্তানী নেতা অমৃত পাল সিঙে! ডিব্ৰুগড়লৈ নিয়া হ'ল অমৃতপাল সিঙক। 

Amit Pal Singh

অৱশেষত আত্মসমৰ্পণ কৰিলে খালিস্তানী নেতা অমৃত পাল সিঙে। আত্মসমৰ্পণৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অমৃত পালক। আৰক্ষীয়ে ডিব্ৰুগড়লৈ লৈ গ'ল খালিস্তানী নেতা গৰাকীক। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে ৰখা হ'ব অমৃতপালক। ডিব্ৰুগড় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনী। ৩৬ দিনৰ পাছত গ্ৰেপ্তাৰ অমৃতপাল সিঙক। ১৮ মাৰ্চৰ পৰা পলাতক আছিল অমৃতপাল সিং। পাঞ্জাৱৰ মোগা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল অমৃত পালে। মোগাৰ এটা গুৰুদ্বাৰত আত্মগোপন কৰি আছিল সিঙে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৯ খালিস্তানী সদস্য।

Category