অসমবাসীৰ বাবে পুনৰ এটা সুখবৰ! হেণ্ডবলৰ ইন্দো-নেপাল ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত সোণৰ পদক বুটলিলে অসম সন্তানে

Assam

ক্ৰীড়াৰ ক্ষেত্ৰত অসমবাসীৰ বাবে পুনৰ এটা সুখবৰ। হেণ্ডবলৰ ইন্দো-নেপাল ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি সোণৰ পদক বুটলিবলৈ সক্ষম হ’ল শিৱসাগৰৰ ভাৰ্গৱ চেতিয়া। নেপালৰ ৰংচিলা ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে নেপালক পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ভাৰ্গৱ চেতিয়া গড়গাঁও মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ।

Category
Profile picture for user UB Photos