ডান্স ইণ্ডিয়া ডান্স ৩-ত প্ৰত্যাখ্যানৰ সন্মুখীন হোৱাৰ পৰা চলমান খানৰ কিচি কা ভাই কিচি কী জানত অভিনয় কৰালৈকে, চাও আহক ৰাঘৱ জুয়ালৰ যাত্ৰা

Raghav juyal

সাধাৰণ ল'ৰা আছিল ডেৰাডুনত জন্মগ্ৰহণ কৰা ৰাঘৱ জুয়াল। ৰাঘৱ জুয়াল বিশেষকৈ ৰবটিক ডান্স (Slowmotion)ৰ বাবে জনপ্ৰিয়। এটা ডান্সিং ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰাৰ পৰা চলচিত্ৰ জগতত ভৰি দিয়ালৈকে জানো আহক ৰাঘৱৰ যাত্ৰা- 

1. ৰাঘৱ জুয়ালৰ নম্ৰ আৰম্ভণি- কোনো চলচ্চিত্ৰ বা নৃত্যৰ পটভূমি নোহোৱাকৈ, ৰাঘৱে তেওঁৰ সপোন অনুসৰণ কৰাৰ সিদ্ধান্ত লয় আৰু ৰিয়েলিটি শ্ব' ডান্স ইণ্ডিয়া ডান্স 3-ত তেওঁৰ নৃত্য প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। 
2. ডান্স ইণ্ডিয়া ডান্স 3 ত বিফল হৈছিল ৰাঘৱ জুয়াল - ২০১১ চনত, ৰাঘৱে ডান্স ইণ্ডিয়া ডান্স দিল্লীৰ অডিচনত অংশগ্ৰহণ কৰিছিল। ৰাঘৱে তেওঁৰ Sinature Dance ৰবটিক ডান্স প্ৰদৰ্শন কৰিছিল আৰু এই বিশেষ ডান্সৰ বাবে ৰাঘৱে কক্ৰ'জ আখ্যা পায়। যদিও বিচাৰকসকল ৰাঘৱৰ দ্বাৰা প্ৰভাৱিত হৈছিল,আৰু তেওঁৰ নৃত্য শৈলী তেওঁলোকৰ বাবে অতি নতুন আছিল, তথাপিও শীৰ্ষ 18 ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৰাঘৱ জুয়াল।  
3. ৰাঘৱ জুয়ালৰ জনপ্ৰিয়তাই আনিছিল এক সোণালী সুযোগ - প্ৰত্যাখ্যান হোৱা স্বত্বেও, ৰাঘৱক গ্ৰেণ্ডমাষ্টাৰ মিথুন চক্ৰৱৰ্তীয়ে ডিআইডি 3-ত Wild Card Entry-ত মাতিছিল। জনসাধাৰণৰ প্ৰচুৰ দাবীৰ বাবে, ৰাঘৱক ৰিয়েলিটি শ্ব'ত আন এটা সুযোগ দিয়া হৈছিল, আৰু এই সুযোগেই হৈ ৰ'ল ৰাঘৱৰ জীৱনৰ Turning Point. ইয়াৰ পিছত অধিক জনপ্ৰিয় হৈ পৰে ৰাঘৱ। ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হোৱা ডান্সিং ৰিয়েলিটি শ্ব' ডান্স প্লাছত ৰাঘৱ জুয়ালে হষ্ট কৰিছিল। কমেডি আৰু অনন্য প্ৰতিভাৰে এই শ্ব টোৰ জৰিয়তেও ৰাঘৱে দৰ্শকৰ মন জয় কৰিছিল। 
4. ৰাঘৱ জুয়ালৰ চলচ্চিত্ৰ যাত্ৰা- দূৰদৰ্শনত জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত, ৰাঘৱ সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈ পৰ্দাপণ কৰিলে। নৃত্য প্ৰতিভাৰে ৰাঘৱে ৰিয়া চক্ৰৱৰ্তী আৰু আলী ফজল অভিনীত সোণালী কেবল (২০১৪)ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। 
5. কিচি কা ভাই কিচি কী জানত ৰাঘৱ জুয়াল- এবিচিডি ২, ষ্ট্ৰীট ডান্সাৰ ৩, আৰু নৱাবজাদে ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰাৰ পিছত, ৰাঘৱে অৱশেষত চলমান খানৰ নতুনকৈ মুক্তি পাব লগীয়া ছবি কিচি কা ভাই কিচি কী জানত অভিনয় কৰি অধিক জনপ্ৰিয়তা লাভ কৰে। চলচ্চিত্ৰখনত ৰাঘৱে চলমান খানৰ সৰু ভায়েকৰ চৰিত্ৰত অভিনয় কৰিছে। 

Category
Profile picture for user UB Photos