সৃষ্টি হ'ল ইতিহাস! ছুখয় যুদ্ধ বিমানৰ চালকৰ আসনত বহিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

Draupaudi Murmu

ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ আজি তৃতীয়টো দিন। তৃতীয় দিনটোত তেজপুৰত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। তেজপুৰত উপস্থিত হৈ যুঁজাৰু বিমান ছুখয়-৩০ৰ উৰণৰ অভিজ্ঞতা ল'লে ৰাষ্ট্ৰপতিয়ে।

1

ছুখয় যুদ্ধ বিমানৰ পাইলটৰ আসনত বহিল ৰাষ্ট্ৰপতিগৰাকী। যুদ্ধ বিমানত উৰা দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি মুৰ্মূ। দ্ৰৌপদী মুৰ্মুৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালাম, প্ৰতিভা পাটিল আৰু ৰামনাথ কোবিন্দে বায়ুসেনাৰ যুদ্ধ বিমানৰ চালকৰ আসনত বহিছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰায় ২৫ মিনিট সময় ছুখয় যুদ্ধ বিমানৰ আসনত কটায়।
 

Category
Profile picture for user UB Photos