ভয়ংকৰ বিপদত উত্তৰ অসম! যিকোনো সময়তে ঘটিব পাৰে অঘটন 

NHPC

NHPC নদীবান্ধে বিপদ নমাইছে উত্তৰ অসমলৈ। পুনৰ NHPCত ভয়ংকৰ ভূমিস্খলন। হোৰাহোৰে খহিছে শিলৰ পাহাৰ। বিপদ সংকেত বজাই সতৰ্ক শ্ৰমিক-কৰ্মচাৰীক
যিকোনো সময়তেই ঘটিব পাৰে অঘটন। অশনি সংকেত কঢ়িয়াইছে NHPC প্ৰকল্পই। অৰুণাচলত অব্যাহত নেৰানেপেৰা বৰষুণ। বৰষুণৰ বাবে যিকোনো সময়তেই ছিঙিব পাৰে বান্ধ। জলপ্ৰলয়ৰ আশংকাত আতংকিত উত্তৰ অসমবাসী। নদীবান্ধৰ জলস্তৰ বৃদ্ধি মানেই বিপদ অনিবাৰ্য। যোৱা দুদিন পূৰ্বে NHPCত সৃষ্টি হৈছিল ভূমিস্খলনৰ। নিৰ্মাণৰ দিন ধৰি বিভিন্ন দুৰ্ঘটনাৰ সন্মুখীন বান্ধটো। দল-সংগঠনৰ সকীয়নিলৈও কেৰেপ নকৰিলে কেন্দ্ৰই। ৰাজ্য চৰকাৰৰ নীৰৱতাক লৈ আতংকিত উত্তৰ অসমবাসী। 

Category
Profile picture for user UB Photos