বাতবিষ আছে নেকি আপোনাৰ? কেতিয়াও নাখাব এইসমূহ খাদ্য!!

Arthritis

বাতবিষত আক্ৰান্ত হ'লে দেহৰ বিভিন্ন অস্থিসন্ধিত অসহ্য বিষ হয়। লগতে অস্থিসন্ধি ফুলি উঠে। বিশেষজ্ঞসকলৰ মতে বাতবিষত কিছুমান খাদ্যৰ পৰা আতৰি থকাটো উচিত। তেনে কিছুমান খাদ্য হ'ল-
ক) প্ৰক্ৰিয়াজাত মাংস আৰু ৰেড মীটে প্ৰদাহ বঢ়ায়। ফলত বাতবিষ বাঢ়ে। ৰেড মীট আৰু প্ৰক্ৰিয়াজাত মাংসত থকা ইন্টাৰলিউকিন, চি-ৰিয়েক্টিভ প্ৰ'টিন আৰু হম'চিষ্টেইনৰ দৰে উপাদানসমূহে প্ৰদাহ বৃদ্ধি কৰে। ফলত বাতবিষৰ যন্ত্ৰণা দুগুণে বাঢ়িবলৈ ধৰে। 
খ) অত্যধিক সুৰাপানৰ অভ্যাসে বাতবিষৰ সমস্যা বঢ়ায়। এলক'হলে অষ্টিঅ'আৰ্থাৰটিইছৰ আশংকা বৃদ্ধি কৰে। 
গ) বাতবিষ থাকিলে অত্যধিক নিমখ খোৱাৰ পৰা আঁতৰি থাকক। নিমখত থকা ছডিয়ামে বাতবিষৰ যন্ত্ৰণা বঢ়ায়।

Category