'তাজমহল-কুতুবমিনাৰ ভাঙি পেলাওক! তাৰ ঠাইত পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰ বনাওক! দৰকাৰ হ'লে মোৰ বিধায়কৰ এবছৰৰ দৰমহা দান দিম!'

Rupjyoti Kurmi

প্ৰায়ে চৰ্চাত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী। শেহতীয়াকৈ NCERTৰ কিতাপৰ পৰা মোগলৰ বিষয় সমূহ আতৰায় দিয়া সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে কৰিলে মন্তব্য। বিধায়ক গৰাকীয়ে কয়- 'মোগল থাকিব লাগিব শেষৰ ফালে থাকিব লাগিব, মোগল হৈছে আগ্ৰাসনকাৰী, আমাৰ ধ্বংসকাৰী। NCERT সিদ্ধান্তক হাত চাপৰি বজাই আদৰণি জনাইছো। মোগলৰ প্ৰসংগ আহিবই নোৱাৰে এইটো বহুত বছৰৰ আগতেই হ'ব লাগিছিল। দেশৰ বা অসমৰ অন্য বীৰসকলে স্থান পাব লাগে। তাজমহলৰ-কুতুবমিনাৰ মোগলে বনাইছিল হয় কিন্তু তাৰ আগতেই আমাৰ বহুত ডাঙৰ অট্টালিকা বনাইছিল। মোগলে আমাক অন্যায় কৰিছে ভাঙি পেলাব লাগে এই সকলো। তাজমহল-কুতুবমিনাৰ ভাঙি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰ বনাব লাগে। প্ৰয়োজনত মোৰ বিধায়কৰ এবছৰৰ দৰমহা দান দিম।'

Category
Profile picture for user UB Photos