উদুলি-মুদুলি গুৱাহাটী! সাজু অসমবাসী !!! পিছে আপুনি কোনটো দলৰ সমৰ্থক? ৰাজস্থান ৰয়েলছ নে পাঞ্জাৱ কিংছ?

IPL

উদুলি-মুদুলি গুৱাহাটী। সাজু বৰ্ষাপাৰা। ৫ তাৰিখে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব IPL। ক্ষন্তেক পিছতে গুৱাহাটীত উপস্থিত হ'ব ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ। মহানগৰীৰ ৰেডিছন ব্লু'ত বাহৰ পাতিব ৰাজস্থান ৰয়েলছে। আৰু হোটেল ভিভাণ্টাত বাহৰ পাতিব টীম পাঞ্জাৱে।
ইতিমধ্যে হোটেল পালেহি দলটোক অনা-নিয়া দুখনকৈ বিশেষ বাছ। লগতে আছে দলটোৰ সা-সামগ্ৰী কঢ়িয়াবলৈ লাগেজ ভান।
ইতিমধ্য়ে গুৱাহাটীত উপস্থিত IPLৰ অফিচিয়েল দল। দিল্লীৰ পৰা বিমান যোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱা পিছত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা মাজত পোনে পোনে তাজ হোটেললৈ লয় যোৱা হয় অফিচিয়েল দলটিক ।

Category
Profile picture for user UB Photos