ৰক্ষা নপৰিল আৰক্ষীও! আমাক সুৰক্ষা দিয়া আৰক্ষীয়েই সুৰক্ষিত নহয় এইখন অসমত। 

Assam Police

যোৰহাটত লাজলগা কাণ্ড। এইবাৰ জনসাধাৰণক সুৰক্ষা দিয়া আৰক্ষীকে আক্ৰমণ কৰিলে দুৰ্বত্তই। যোৰহাট পুলিবৰ আৰক্ষী থানাৰ ৫ জন আৰক্ষী ক আক্ৰমণ কৰিলে দুৰ্বৃত্তই। দেওবাৰে নিশা পুলিবৰ আৰক্ষী ৰ এটা দল অপৰাধীক কৰায়ত্ত কৰিবলৈ ৰাওনা হৈছিল পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহুজ গাঁৱলৈ। আৰক্ষী ৰ কামত বাধা দি গাৱৰ তিনিজনীয়া এটা দলে আৰক্ষীৰ গাড়ীত চোকা অস্ত্ৰৰে আক্ৰমণ চলাই। আক্ৰমণত গুৰুত্বভাৱে আহত হ'ল আৰক্ষী। আৰক্ষীসহ অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল উপস্থিত হোৱাৰ পাছত আক্ৰমণ কাৰী দল পলায়ন। উল্লেখ্য যে এজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিলে  আৰক্ষীয়ে আৰু পলাতক বাকী কেইজন আক্ৰমণকাৰীৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Category
Profile picture for user UB Photos