তিতাফুল খাইনে আপুনি? জানো আহক স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী তিতাফুল?

Titaful

সহজতেই উপলব্ধ তিতাফুল। আমাৰ শৰীৰৰ বাবে অতি উপকাৰী এই তিতাফুল। বনৌষধিৰ কাম কৰে তিতাফুলে। এই তিতাফুলৰ ঔষধি গুণবোৰ জানো আহক- 
ক) কলেষ্টেৰ'লৰ সমস্যা থাকিলে তিতাফুল ব্যৱহাৰ কৰি সুফল পোৱা যায়।
খ) তিতাফুলে কৃমি-পেলুৰ সমস্যা থাকিলে তিতাফুল ব্যৱহাৰ কৰি সুফল পোৱা যায়। 
গ) তিতাফুল খালে তেজ পৰিস্কাৰ হয়। বসন্ত ৰোগ , খৰ-খজুৱতি, এলাৰ্জি আৰু ছালৰ বিভিন্ন  ৰোগত তিতা ফুল উপকাৰী।
ঘ) বতৰ পৰিৱৰ্তনৰ ফলত হোৱা কাঁহ-চৰ্দি, পানী লগা আদিত তিতা ফুল খালে ভাল ফল পোৱা যায়।
ঙ)  তনচিলাইটিছ, ফেৰিণজাইটিছ আদি সমস্যাত বোগা লোকৰ বাবে তিতাফুল উপকাৰী। নহৰু -জালুক দি তিতাফুল ভাজি খালে সুফল পোৱা যায়। 
চ) তিতা ফুলে লিভাৰৰ কাৰ্যক্ষমতা  বৃদ্ধি কৰে আৰু অলাগতিয়াল বৰ্জিত পদাৰ্থ নিষ্কাষণত বিশেষভাৱে সহায় কৰে।
ছ) তিতাফুল ডায়েবেটিচ ৰোগীৰ বাবে অতি উপকাৰী। 
জ) জণ্ডিচ ৰোগত তিতাফুলৰ পাত বা ফুল বটি মৌৰ লগত খাব লাগে। 

Category
Profile picture for user UB Photos