'আঘোনৰ পথাৰৰ সোণোৱালী জহা ধানৰ গৰম গৰম ভাতৰ পৰা ফাগুনী পচোৱাই পকাই যোৱা ঔটেঙাৰ লগত কাকদঙা নদীৰ লিহিৰীপটীয়া ৰৌ মাছলৈকে',আজি ব্যতিক্ৰমী বিধানসভাৰ দুপৰীয়াৰ আহাৰ

Lunch

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দশমটো দিন ৷ বাজেট অধিৱেশনৰ দশমটো দিনত বিত্ত মন্ত্ৰী অজন্তা নেওগে সতীৰ্থ মন্ত্ৰী বিধায়কক উদৰ পূৰাই এসাজ খুৱালে। খাদ্য সম্ভাৰৰ তালিকাখনৰ নাম শুনিলেই জিভাৰ পানী পৰিব আপোনাৰ। আহকচোন চাও আজি কেনেকৈ ব্যতিক্ৰম হ'ল বিধানসভা অধিৱেশনৰ দুপৰীয়াৰ আহাৰ। 

তালিকাত থকা খাদ্য সম্ভাৰৰ নামবোৰ অতিকৈ লোভনীয় ৷ নাম  সমূহ হ'ল এনেধৰণৰ- আঘোনৰ পথাৰৰ সোণোৱালী জহা ধানৰ গৰম গৰম ভাত ৷ মুখত দিলেই পেটলৈ দৌৰ মৰা মাটি মাহৰ দাইল ৷ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি প্ৰটিন যুক্ত ঘৰুৱা ত্ৰিৰতন দাইল ৷  ব্ৰহ্মপুত্ৰ নদীৰ পাহোৱাল আৰি মাছ কলপাতত বান্ধি ভাপত দিয়া   ৷ কাকদোঙা নদীৰ লিহিৰীপটীয়া ৰৌ মাছ কেইটা ফাগুনী পচোৱাই পকাই যোৱা ঔটেঙাৰ লগত  ৷ লখিমপুৰৰ ৰঙানদীৰ কণ কণ মাছ ভাজি ৷ দেখিলেই ৰ'ব নোৱাৰা সোৱাদযুক্ত ধানৰ পোলাও ৷  মালৌপথাৰৰ তেলাল হাঁহ কোমোৰাৰ সৈতে ৷ অসমীয়া ব্যঞ্জন পদ্ধতিত বাগানপাৰাৰ পঠা ছাগলী ৷ গোল গোলকৈ পেটলৈ নগ'লেও একেবাৰে গোলক সদৃশ ৰুটি ৷ বিধায়ক মানৱ ডেকাৰ ভাষাত গাখীৰ চবজি ৷ অসমীয়া খিলঞ্জীয়া কৃষকৰ উৎপাদিত পাচলীৰ ভাজি ৷  মিচ্মিচিয়া ক'লা তিলৰ চাটনি ৷ ঘৰতে মাটিৰ পাত্ৰত তৈয়াৰী দৈ ৷  নাম শুনিলেই যেন ৰ'ব নোৱাৰাকৈয়ে দিয়াহৈছে খাদ্য-সম্ভাৰৰ নামসমূহ ৷ প্ৰতিটো খাদ্য সম্ভাৰত লগাবলৈ ঠিক কৰা হৈছে এইসমূহ টেগ লাইন ৷ টেগ লাইনবোৰ লিখিছে বিধানসভা চৌহদৰ কেণ্টিন চলোৱা  প্ৰণামিকা হালৈয়ে ৷ প্ৰণামিকাই  ক’লে ‘‘ৰেষ্টুৰেণ্টবোৰত বৰ চমকপ্ৰদ নাম কিছুমান দিয়ে ৷ টেগ লাইনবোৰ পঢ়িলেই আকৰ্ষিত হোৱা যায় ৷ ময়ো সেয়ে এই নামবোৰ দিছোঁ ৷ বস্তুবোৰো তেনেকৈয়ে যোগাৰ কৰা হৈছে ৷’’

Category
Profile picture for user UB Photos