কি হ'ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ? কোলাত কণমানিক লৈ স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি ডিজিপিৰ কাষ চাপিল পত্নী উৰ্বশী

Moran

স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি হাহাকাৰ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণ। আৰক্ষী থানাৰ দুৱাৰে দুৱাৰে দৌৰিও কোনো সঁহাৰি পোৱা নাই দুৰ্ভগীয়া মহিলা গৰাকীয়ে। কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল মহিলা গৰাকীৰ স্বামী প্ৰাঞ্জল মৰান। চলিত বৰ্ষৰ ৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাঞ্জল। কিন্তু ফেব্ৰুৱাৰীৰ ১ তাৰিখে লিডুৰ কয়লা খনিত দুজন লোক মৃত্যু হোৱাৰ বাতৰি প্ৰকাশৰ পিছত প্ৰাঞ্জলৰ খবৰ লৈছিল পৰিয়ালে। ২ ফেব্ৰুৱাৰীত কয়লা খনিৰ মানুহ প্ৰাঞ্জলৰ ঘৰত গৈ পত্নী উৰ্বশী মৰাণক পাঁচ লাখ টকা দিব বিচাৰিছিল প্ৰাঞ্জলৰ মৃত্যু সন্দৰ্ভত। কিন্তু এটি তিনিবছৰীয়া সন্তানৰ সৈতে বসবাস কৰা প্ৰাঞ্জলৰ পত্নীয়ে লোৱা নাছিল সেই ধন। বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল। তিনি , চাৰি,খন এজাহাৰ দিয়াৰ পাছতো ৰেজিষ্টাৰ কৰা নাছিল কেচ। ৬ তাৰিখে সন্ধিয়া ৰেজিষ্টাৰ হৈছিল কেচটো। লিডু আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল প্ৰাঞ্জলৰ পত্নী উৰ্বশী মৰাণে। কিন্তু আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ DGP অথবা কোনো মন্ত্ৰী বিধায়কক লগ ধৰিব কৈছিল প্ৰাঞ্জলৰ পত্নীক। মঙ্গলবাৰে কণমানি সন্তানটিক লৈ আৰক্ষী সঞ্চালক প্ৰধানক লগ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় দুৰ্ভগীয়া পত্নীগৰাকী। এতিয়া প্ৰশ্ন হয় প্ৰকৃততে কি হ'ল প্ৰাণ্ডল মৰানৰ মৃতদেহ?

Category
Profile picture for user UB Photos