'এটা ফাইলত ২,০০০ টকা বিচাৰে, ১০ টা ফাইলত লাগে ২০,০০০ টকা!' পইচা নিদিলে ফাইলত চহী নকৰে লাট মণ্ডলে!!!

Doboka

ডবকা ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয়ত দালালৰ দপদপনি ৷ টকা নিদিলে নহয় মাটিৰ নামজাৰি ৷ দালালৰ হতুৱাই মণ্ডল,চক্ৰ বিষয়াই  সংগ্ৰহ ধন ৷ এই অভিযোগ ডবকাৰ ৰিয়াজ উদ্দিন নামৰ এজন ভুক্তভূগীৰ ৷ দালাল আৰু ৰিয়াজ উদ্দিনৰ মাজত হোৱা কথোপকথনৰ কেইবাটাও অডিঅ ক্লিপ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ ক্লিপ কেইটাত দালালে মণ্ডল আৰু ৰাজহ চক্ৰ বিষয়াক কিদৰে ধন দিব লাগে সেই কথা স্পষ্টকৈ উল্লেখ আছে ৷ 

যোৱা বছৰ অক্টোবৰ মাহত ৰিয়াজ উদ্দিন নামৰ লোকজনে কপাহবাৰী মৌজাৰ শিবপুৰ লাটৰ ক্ৰয় কৰা মাটিৰ নামজাৰি কৰিবৰ বাবে অনলাইযোগে আবেদন কৰিছিল ৷ নিয়ম অনুয়ায়ী কাম নোহোৱাত তেওঁ লাট মণ্ডল মুকুন্দ হাজৰিকাক লগ ধৰিছিল ৷ পৰৱৰ্তী সময়ত মাটিডৰা নামজাৰি কৰাৰ বাবত দহ হাজাৰ টকাৰ বিচৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰি লোকজনে কয় যে মণ্ডলক তেওঁ দুই হাজাৰ টকা দিয়াৰ পাছত মণ্ডলে তেওঁৰ ফাইলটো চক্ৰ বিষয়াৰ টেবুললৈ প্ৰেৰণ কৰে ৷ টকা নোপোৱাৰ বাবে চক্ৰ বিষয়াই পুনৰ ফাইলটো মণ্ডললৰ ওচৰলৈ প্ৰেৰণ কৰে ৷ এনেদৰে হোৱাৰ পাছত মণ্ডলে এজন দালালৰ লগত যোগাোগ কৰিবলৈ কয় ৷ দালালে চক্ৰ বিষয়া গৰাকীক টকা নিদিলে কাম নহয় বুলি কয় ৷ দুয়োৰে কথোপকথনৰ কেইবাটাওঁ অডিঅ ক্লিপ ইতিমধে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ আনহাতে ধন লোৱা কথাটো অস্বীকাৰ কৰে লাট মণ্ডল মুকুন্দ হাজৰিকাই ৷ ইমান দিনে নেট নথকাৰ বাবেহে কাম কৰিব পৰা নাছিল চক্ৰ বিষয়াই বুলি আজব যুক্তি দিছে মণ্ডলে ৷  ইফালে সংবাদমাধ্যমৰ লোকে ভুক্তভূগী ৰিয়াজ উদ্দিনৰ ভাষ্য লোৱাৰ কথা উমান পাই ,ছয় মাহে নেটৱৰ্ক নথকাৰ অজুহাতত নোহোৱা কামটো এক ঘন্টাতে কৰি দিয়ে বিষয়া গৰাকীয়ে ৷ 


 

Category
Profile picture for user UB Photos