পেটফুলা বা বদহজমৰ পৰা সকাহ পাবলৈ কি কি কৰিব আপুনি?

Acidity

অনিয়মীয়া খাদ্যাভাস আৰু ভজা-পোৰা খাদ্য খোৱাৰ অভ্যাসে পেটফুলাৰ লগতে বদহজমৰ সৃষ্টি কৰে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ কিছুমান সাধাৰণ উপায় আছে। সেই উপায় সমূহ জানো আহক।

ক) পেটফুলা বা পেটত অস্বস্তি অনুভৱ কৰিলে কেতিয়াও শুই নাথাকিব।তেনে সময়ত খোজ কাঢ়ক। শুই থাকিলে পেটত অস্বস্তি বৃদ্ধি পায়।

খ) কেঁচা হালধি চোবাই খালেও পেটফুলা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়

গ) বেকিং ছডা আৰু নেমুৰ ৰস মিহলাই পানী খালেও বদহজমৰ পৰা সকাহ পোৱা যায়।

ঘ) খোৱাৰ পাছত এটুকুৰা আদা চোবাই খোৱা কৰক। এনে নিতৌ কৰিলে বদহজমৰ সমস্যা আৰু পেটফুলাটো হ্ৰাস পায়।

ঙ) পেট ফুলিলে আদা সৰু সৰুকৈ কাটি নিমখৰ সৈতে খালেও পেটফুলা বা বদহজমৰ সমস্যা কমে।

চ) পৰ্যাপ্ত পৰিমাণে পানী খোৱা কৰক। পানীয়ে খাদ্যবস্তু সোনকালে হজম কৰাত সহায় কৰে।

ছ) অমিতা খালেও বদহজমৰ পৰা পৰিত্ৰাণ পাব পৰা যায়।

জ) কলত থকা ভিটামিন-বি-৬, পটাছিয়াম আৰু ফলেট নামৰ পুষ্টিকৰ উপাদানসমূহে পেটফুলা, পেটৰ বিষ আৰু বদহজমৰ সমস্যাৰ পৰা সকাহ দিয়ে।

ঝ) এগিলাচ পানীৰ সৈতে আধা চামুচ ডালচিনিৰ গুৰি উতলাই খালেও পেটফুলা বা বদহজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।

Category
Profile picture for user UB Photos