নিজৰ ছাল খন উজ্বল কৰি ৰাখিবলৈ সকলোৱেই বিচাৰে। চিৰযৌৱনা হৈ থাকিবলৈ তলত উল্লেখ কৰা খাদ্যসমূহ খাওক-
ক)দৈ- দৈত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যাৰ ফলত ছালখন মসৃণ আৰু সতেজ হৈ থাকে। দৈত থকা লেক্টিক এচিডে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালৰ সতেজতা বজাই ৰখাত সহায় কৰে।
খ) আলমণ্ড- ছালত থকা বলিৰেখা আঁতৰাই বাৰ্ধক্য ৰোধ কৰাত আলমণ্ডে বিশেষ ভূমিকা পালন কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-ই থাকে যিয়ে ছালখন সতেজ কৰি ৰাখে।
গ) পকা অমিতা- অই ফলত এন্টি-অক্সিডেন্ট, ভিটামিন আৰু মিনাৰেল প্ৰচুৰ পৰিমাণে থাকে। যদি আপুনি ছালত বয়সৰ চাপৰোধ বিচাৰে তেন্তে অমিতা খাওক। অমিতাই ছালত হেৰাই যোৱা জিলিকনি ঘূৰাই আনিব পাৰে।
ঘ) ৰেড ৱাইন- ছালখন সুস্থ কৰি ৰাখিবলৈ ৰেড ৱাইনো অতি উপযোগী। ৰেড ৱাইন উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত, তেজত বেয়া কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰাত, ৰক্ত সঞ্চালন বজাই ৰখাৰ লগতে ছালত বয়সৰ প্ৰভাৱ ৰোধ কৰাত অতি ফলপ্ৰসূ।কিন্তু বৃহৎ পৰিমাণত নহয়। ছোৱালীৰ বাবে দিনটোত এটা গিলাচ আৰু পুৰুষৰ বাবে দুটা গিলাচেই যথেষ্ট।
ঘ) পানী- ছালত বয়সৰ দাগ ৰোধ কৰিবলৈ পানীয়েই উত্তম ঔষধ। পানী খোৱাটো শৰীৰৰ একাধিক ৰোগ নিৰাময় কৰাৰ লগতে ছালৰ বিভিন্ন সমস্যাৰো সমাধান কৰে।
- Log in to post comments