দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিছিল কন্যাই। শ্ৰাদ্ধৰ দিনা পৰিয়ালে বিতৰণ কৰিলে হেলমেট

Accident

হেলমেট পৰিধান নকৰাৰ বাবে পথ দুৰ্ঘটনাত মৃত্যু হয় মধ্য প্ৰদেশৰ এগৰাকী কন্যাৰ। ভাতৃৰ সৈতে বাইকত গৈছিল মৃত ছোৱালী গৰাকী। দুৰ্ঘটনাত ছোৱালীজনীয়ে মূৰত আঘাত পাইছিল আৰু চিকিৎসা চলি থকা অৱস্থাত তাইৰ মৃত্যু হৈছিল।একমাত্ৰ হেলমেট পৰিধান নকৰাৰ বাবেই মৃত্যুক সাৱটি লৈছিল ছোৱালী গৰাকীয়ে।

শ্ৰাদ্ধৰ দিনটোত পথ দুৰ্ঘটনাৰ বিষয়ে সজাগতা বিয়পাবলৈ ৪০ টা হেলমেট বিতৰণ কৰাৰ পৰিকল্পনা কৰিছিল মৃত ছোৱালীগৰাকীৰ পৰিয়ালে। তেওঁলোকে মানুহক যানবাহনৰ নিয়ম আৰু সুৰক্ষা অনুসৰণ কৰাৰ বিষয়ে বাৰ্তাটো দিছিল।

 

Category
Profile picture for user UB Photos