ছালৰ সমস্যা হৈছে নেকি আপোনাৰ? চিন্তা নকৰিব! কেঁচা গাখীৰেই আতৰ কৰিব এই সমস্যা!!!

Health Tips

আমি সকলোৱেই জানো স্বাস্থ্যৰ পক্ষে কেঁচা গাখীৰ কিমান উপকাৰী। কেৱল স্বাস্থ্যৰে নহয় আপোনাৰ ছালৰ বাবেও কেঁচা গাখীৰ বহু উপকাৰী। কেঁচা গাখীৰে দূৰ কৰে ছালৰ সমস্যা। এণ্টিঅক্সিডেন্ট, আলফা হাইড্ৰক্সি এচিড, ভিটামিন বি সমৃদ্ধ কেঁচা গাখীৰে আমাৰ ছাল আৰ্দ্ৰ কৰি ৰাখে। কেঁচা গাখীৰে ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰি ছালখন উজ্বল কৰি ৰখাত সহায় কৰে।

ইয়াক কেনেদৰে ব্যৱহাৰ কৰে তলত উল্লেখ কৰা হল-

পৰিষ্কাৰ কপাহ কেঁচাগাখীৰত তিয়াই দিয়ক আৰু মুখত লাহেকৈ মালিচ কৰক। ইয়াৰ পিছত, ১৫ ৰ পৰা ২০ মিনিট মুখতেই শুকাবলৈ দিয়ক গাখীৰ খিনি। শুকোৱাৰ পিছত গাখীৰ ফেচপেকটো ঠাণ্ডা পানীৰে ধুই দিয়ক। ফেচপেক শুকাই গলে নাহাহিব বা বেছি কথা নকব।এনে কৰিলে মুখত সুক্ষ্ম দাগৰ সৃষ্টি হব পাৰে। কেঁচাগাখীৰত থকা ভিটামিন  আৰু বিয়ে এন্টি-এজিং উপাদান হিচাপে কাম কৰে। মুথত কেঁচা গাখীৰৰ পেক এটা লগালে ছালৰ পৰা সকলো দাগ আঁতৰ হয়। চানবাৰ্ণ আঁতৰ কৰাৰ বাবে কেঁচা গাখীৰ যথেষ্ট উপকাৰী। গাখীৰৰ প্ৰদাহ-প্ৰতিৰোধী পৰিমাণে ছাল মসৃণ কৰে। কেঁচা গাখীৰ সংবেদনশীল ছালৰ যত্নৰ বাবেও এক অতি ভাল উপাদান। ই ছালক কোমল কৰি ৰখাত সহায় কৰে।    

Category