বিশ্বাস হেৰুৱালে নেকি গুৰুৱে? গুৰুৱেই যদি বেপাৰী হয় এনে গুৰুৰ পৰা কি আশা কৰিব আপুনি?

Teacher

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু

গুৰুদেৱ মহেশ্বৰা।

গুৰুৰ সাক্ষাৎ পৰম ব্ৰহ্ম

তষ্ময়ে শ্ৰী গুৰুৱে নম:॥

গুআৰু ৰুএই দুটা সংস্কৃত শব্দৰ দ্বাৰা গঠিতগুৰু শব্দটি গুশব্দৰ অর্থ অন্ধকাৰবা অজ্ঞতাআৰু ৰুশব্দৰ অর্থ যি অন্ধকাৰ দূৰ কৰে। অর্থ্যাৎ, ‘গুৰুশব্দটোৰ দ্বাৰা এনে ব্যক্তিক বুজোৱা যায় যি সমাজত জ্ঞান বিতৰণৰ যোগেদি অন্ধকাৰ দূৰ কৰে। প্ৰতি ব্যক্তিৰ জীৱনেই পূৰ্ণাংগ হয় গুৰুৰ পৰা প্ৰাপ্ত জ্ঞানৰ মাধ্যমেৰে।কিন্তু এতিয়া এই গুৰু সমাজকে কলংকিত কৰিছে এজন দুজন গুৰুৱে।হৈ পৰিছে ৰক্ষকেই ভক্ষক। সকলোৰে যেন বিশ্বাস হেৰুৱাই পেলাইছে শিক্ষক সমাজে। ছাত্ৰ-ছাত্ৰীক জ্ঞান বিতৰণৰ যোগেদি অন্ধকাৰ দূৰ কৰা শিক্ষকেই এইবাৰ ৰূপ ললে বেপাৰীৰ।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত জড়িত হৈ পৰিছে ইজনৰ পিছত সিজন শিক্ষক। শিষ্যৰ জীৱনক লৈ হেতালি খেলিলে এইসকল গুৰুৱেই।ইয়াৰ পিছতো আপুনি আশা কৰিব পাৰিব নে শিক্ষকসকলৰ পৰা? বিশ্বাস কৰিব পাৰিব নে আকৌ এবাৰ?

উল্লেখ্য যে কালি আটক কৰিছিল মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্ত। আজি আটক কৰিছিল প্ৰসন্ন দাস। আৰু শেহতীয়াকৈ মূল অভিযুক্ত পলাতক কুমুদ ৰাজখোৱাইও লক্ষীমপুৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে। এই তিনিওগৰাকীয়ে আছিল একোজনকৈ শিক্ষক। প্ৰণৱ দত্ত লুইত খাৱলু পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক আছিল। কুমুদ ৰাজখোৱা ডফলাকটা HS বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক আছিল।আৰু প্ৰসন্ন দাসো এই বিদ্যালয়ৰে আছিল শিক্ষক।    

Category
Profile picture for user UB Photos