‘‘ৰক্ষকেই ভক্ষক হৈ পৰিছে। যিসকল শিক্ষকৰ ওপৰত আস্থা–বিশ্বাস ৰাখি আগবঢ়া হয়, সেইসকল শিক্ষকে এনে কাম কৰিলে উপায় নাইকিয়া হয়।’’

Paper Leak

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলে কঁপাইছে ৰাজ্য। আৰক্ষীৰ জালত পৰিল প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ড। আচৰিত কথাটো হৈছে প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ড হৈছে দুগৰাকী শিক্ষক। কালি ৰাতি CID য়ে আটক কৰিছিল মূল অভিযুক্ত প্ৰণৱ দত্তক প্ৰণৱ দত্ত লুইত খাৱলু পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক আছিল। কুমুদ ৰাজখোৱাৰ সৈতে মিলি দত্তই প্ৰশ্নকাকতৰ বেপাৰ কৰিছিল দুয়োৱে ধনৰ বিনিময়ত ছাত্ৰছাত্ৰীৰ মাজত প্ৰশ্নকাকত বিলাইছিল।

জানিব পৰা মতে, কুমুদ ৰাজখোৱা ডফলাকটা HS বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক আছিল। বৰ্তমান কুমুদ ৰাজখোৱা পলাতক অৱস্থাত আছে। আনহাতে, নৈৰ মাজেৰে পলাবলৈ গৈ থকা অৱস্থাতেই প্ৰণৱ দত্তক CIDএ আটক কৰে। মূল মাষ্টাৰমাইণ্ড প্ৰণৱ দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছতেই কেইবাজন লোক এই কাণ্ডৰ লগত জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। শুকুৰবাৰে লখিমপুৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত জড়িত আন এজন মাষ্টাৰমাইণ্ডক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন শিক্ষকৰ নাম প্ৰসন্ন দাস বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, আটক প্ৰসন্ন দাস ডফলাকটা জনজাতি হাইস্কুলৰ এজন শিক্ষক। তেওঁ প্ৰশ্নকাকত ফাদিলৰ মূল মাষ্টাৰমাইণ্ডৰ সহযোগী পলাতক কুমুদ ৰাজখোৱাই শিক্ষকতা কৰা স্কুলৰে এজন শিক্ষক। বৰ্তমান CID–এ প্ৰসন্ন দাসক জেৰা অব্যাহত ৰাখিছে।

প্ৰশ্নকাকত ফাদিলৰ সৈতে শিক্ষক জড়িত কাৰ্যত শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে কয়- ‘‘ৰক্ষকেই ভক্ষক হৈ পৰিছে। যিসকল শিক্ষকৰ ওপৰত আস্থাবিশ্বাস ৰাখি আগবঢ়া হয়, সেইসকল শিক্ষকে এনে কাম কৰিলে উপায় নাইকিয়া হয়।’’ লগতে কয়- ‘’আৰক্ষী থানা আৰু পৰীক্ষা কেন্দ্ৰৰ মাজভাগত পেপাৰ লীক হৈছে। থানাৰ পৰিৱৰ্তে পেপাৰ ৰখাৰ বাবে বিকল্প ব্যৱস্থা লোৱা হৈছে। আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিছে। শাস্তি আদালতে দিব’’

Category
Profile picture for user UB Photos