কিমান টকাত বিক্ৰী কৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত?

HSLC

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে তোল-পাৰ লাগিছে ৰাজ্য।ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে কেইবাগৰাকীলোকক।ইয়াৰ ভিতৰত আছে কেইবাগৰাকী ছাত্ৰও। প্ৰশ্নকাকত ফাদিলক লৈ ডিব্ৰুগড় আৰক্ষীৰ তদন্তত বিস্ফোৰক তথ্য। ৫০০ৰ পৰা ২০০০ টকাৰ বিনিময়ত প্ৰশ্নকাকত বিক্ৰী কৰিছিল দুষ্টচক্ৰই! ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে সংবাদমেলত কয়, ‘‘বৰ্তমানলৈ ৮জন ছাত্ৰক আটক কৰিছে ডিব্ৰুগড়ত। ছাত্ৰকেইজনে প্ৰশ্নকাকতৰ বিনিময়ত ধন লোৱাৰ প্ৰমাণকে ধৰি বিভিন্ন তথ্য লাভ কৰা হৈছে।’’

মেট্ৰিক পৰীক্ষাৰ্থীৰ পৰা ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত প্ৰশ্নকাকত প্ৰদান কৰিছিল আটকাধীন ছাত্ৰকেইজনে। ইয়াৰে ৫জন ছল্ট ব্ৰুক একাডেমীৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ। জুভেনাইল এক্টৰ অধীনত ছাত্ৰকেইজনক আটক কৰি চি আই ডিক গতাই দিছে ডিব্ৰুগড় আৰক্ষীয়ে। সংবাদ মাধ্যমৰ আগত এই ভাষ্য আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ। আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, আৰু বহু জালত পৰিব পাৰে। তদন্ত অব্যাহত আছে।

ইফালে, আৰক্ষী অধীকক্ষৰ কাৰ্যলয়ত উপস্থিত ছল্টব্ৰুক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱৰা, অধ্যক্ষ ৰঞ্জিত বৰুৱাসহ কেইবাজনো শিক্ষক। সোধাপোছাৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছিল তেওঁলোকক।

Category
Profile picture for user UB Photos