
প্ৰসংগ- মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল। তীব্ৰ গতিত চলিছে দোষীৰ বিৰুদ্ধে অভিযান। তদন্তত আজি CIDয়ে ছেবাৰ তিনি বিষয়াক তলব কৰে। CIDৰ কাৰ্যালয়ত বিষয়াকেইগৰাকীক সোধা-পোছা কৰে ৷ ইয়াৰ লগতে SEBAৰ নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আৰু মুখ্য নিয়ন্ত্ৰক জিমলি কাকতি শইকীয়াকো কাৰ্যালয়ত সোধা-পোছা কৰা হয়।
ইয়াৰ লগতে প্ৰশ্নকাকত ফাদিলক লৈ চিআইডিয়ে সোধা-পোছা কৰে গাড়ীচালক-শিক্ষককো। তেওঁলোক ক্ৰমে জ্যোতিৰেখা বৰগোহাঁই, হেৰম্ব কুমাৰ দাস, বিন্দেশ্বৰ টিমুং। জ্যোতিৰেখা বৰগোহাঁই ভাৰপ্ৰাপ্ত বিষয়া আছিল ভাউৰী দেৱী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। হেৰম্ব কুমাৰ দাস উক্ত বিদ্যালয়খনৰ শিক্ষক আৰু বিন্দেশ্বৰ টিমুং গাড়ীচালক।
- Log in to post comments