মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল! দোষ কাৰ? কি ক’লে মন্ত্ৰী-বিধায়কসকলে

HSLC

আজি আছিল মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। কিন্তু অথন্তৰ লাগিল দেওবাৰে। ফাদিল হল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত। অৱশেষত ছেবাই বাতিল কৰিলে পৰীক্ষা। পৰীক্ষা বাতিলক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ছাত্ৰছাত্ৰী, অভিভাৱকসকলে ইয়াক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। মাজনিশা পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰাত বহু পৰীক্ষাৰ্থীয়ে সেই সম্পৰ্কে অৱগত হোৱা নাছিল। যাৰ ফলত পৰীক্ষা কেন্দ্ৰলৈ আহি উভতি যাবলগীয়া হয় পৰীক্ষাৰ্থীসকল।

পৰীক্ষা বাতিলক লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়-প্ৰশ্নকাকত ফাদিলৰ তদন্ত হব। ইতিমধ্যে CID ত গোচৰ দিয়া হৈছে।ছেবাৰ দক্ষতাক লৈ মোৰ কোনো সন্দেহ নাই

মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ‘ক্ৰুটিপূৰ্ণ পৰীক্ষা ব্যৱস্থা কিদৰে নিকা কৰিব পাৰি তাৰ ব্যৱস্থা লোৱা হব। চৰকাৰক শলঠেকত পেলাবলৈ এনে কাম কৰিছে। দোষী ব্যক্তিক বিচাৰি উলিয়াম, ব্যৱস্থা লোৱা হব।

 

মন্ত্ৰী যোগেন মহনে কয়- 'স্বচ্ছ আৰু নিকা হ'বৰ কাৰণে পৰীক্ষা বাতিল কৰা হৈছে, ফাদিল হ'লে পৰীক্ষা বাতিল হ'বই'

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ সমালোচনা কৰি কয়, ‘পৰীক্ষা পাতিলেই প্ৰশ্নকাকত আউট হয়। গীণিজ বুক অৱ ৰেকৰ্ডত প্ৰশ্নকাকত ফাদিল বিষয় সোমাব পাৰে। বিহুৰ লগতে প্ৰধানমন্ত্ৰীৰ আগমনত এই ৰেকৰ্ড গঢ়ক। পৰীক্ষা অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে টুইট কৰে, এতিয়া মুখ্যমন্ত্ৰীয়ে টুইট কৰা নাই কিয়?’

বিধায়ক প্ৰশান্ত ফুকনে কয়, ‘এয়া অতি দুৰ্ভাগ্যজনক কথা। খুব দুখ পাইছো। ইয়াৰ তদন্ত শুদ্ধ হব লাগে।

বিধায়ক দিগন্ত কলিতাই এই সন্দৰ্ভত কয়, ‘আমাৰ শিক্ষামন্ত্ৰী যেতিয়া আমি বিফল হোৱা বুলি কব নোৱাৰো। যি হৈছে শিক্ষামন্ত্ৰীয়ে ব্যৱস্থা লব।

মনোৰঞ্জন তালুকদাৰে কয়, ‘এয়া চৰকাৰৰ ব্যৰ্থতা। মন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে শীঘ্ৰেই। ৰমেশ জৈনৰ প্ৰতি চৰকাৰৰ কি দৰদ সেয়া ৰহস্যজনক

বিধায়ক চক্ৰধৰ গগৈয়ে কয়, ‘দেশ ওলট-পালট হৈ গৈছে নেকি? ইমান ডাঙৰ ঘটনাও হোৱা নাই। শিক্ষামন্ত্ৰীক ধন্যবাদহে দিব লাগে সঠিক সময়ত পৰীক্ষা বাতিল কৰাৰ বাবে।

মুঠতে এতিয়া হাহাকাৰ অৱস্থা হৈছে লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ।

 

 

 

Category
Profile picture for user UB Photos