বিশ্বৰ সবাতোকৈ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস উপস্তিত হলহি ধুবুৰীত। ২০২৩ চনৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী গংগা বিলাসৰ ফ্ৰেগ অফ কৰিছিল। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা ইণ্ডো-বাংলাদেশ প্ৰটোকল পথ হৈ এনডব্লিউ-১ আৰু ২ ৰ মাজত প্ৰায় ৩২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি এই বিলাসী জাহাজখন ১ মাৰ্চ ২০২৩ তাৰিখে ডিব্ৰগড়ত উপস্থিত হ’ব।

সকলো বিলাসী সুবিধাৰ সৈতে তিনিটা ডেকৰ সুবিধাসম্পন্ন এমভি গংগা বিলাসত আছে ৩৬ জন পৰ্যটক ক্ষমতাৰ সৈতে ১৮ টা চুইট। প্ৰথম যাত্ৰাটোত ছুইজাৰলেণ্ডৰ পৰা ৩২ জন পৰ্যটকে সম্পূৰ্ণ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিছে।
- Log in to post comments