পুত্ৰই দেখিলে পিতৃ-মাতৃৰ বিয়া! খ্ৰীষ্টান ৰীতি-নীতিৰ পিছত হিন্দু ৰীতি-নীতিৰে পুনৰ বাৰ বিবাহ পাশত আৱদ্ধ হ’ল হাৰ্দিক-নতাছা

Wedding

বিবাহৰ তিনিবছৰৰ পিছত আকৌ এবাৰ ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হল ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী নতাছা ষ্টেনকভিক।

1

উল্লেখ্য যে ৩১ মে’ 2020 ত কভিডৰ বাবে কেৱল কৰ্ট মেৰিজ কৰিয়ে সম্পন্ন কৰিছিল যুঁটিটোৰ বিবাহ।

2

আৰু ২০২০ ৰ জুলাই মাহত তেওঁলোকৰ জীৱনলৈ আহিল এক পুত্ৰ সন্তান, নাম আগ্যষ্ট।

3

শেহতীয়াকৈ ১৪ ফ্ৰেব্ৰুৱাৰী তাৰিখে খ্ৰীষ্টান ধৰ্মৰ ৰীতি-নীতি অনুসৰি বিবাহ সম্পন্ন কৰে হাৰ্দিক-নতাছাই। কিয়নো জন্মসূত্ৰে নতাছা ষ্টেনকভিক হৈছে খ্ৰীষ্টিয়ান।আৰু ১৬ ফ্ৰেব্ৰুৱাৰীত হিন্দু ৰীতি-নীতিৰে উদয়পুৰত অনুষ্ঠিত কৰিলে দম্পতিটোৰ বিবাহ।

4

বিবাহৰ ফটো প্ৰচাৰ হোৱাৰ পিছতে অনুৰাগী সকল আনন্দিত হৈ পৰিছে।

5

কিছু কিছু অনুৰাগীয়ে মন্তব্য কৰিছে যে পুত্ৰ আগ্যষ্টই পিতৃ-মাতৃৰ বিয়া দেখিলে’, ‘আগ্যষ্টই আৰু কেতিয়াও নুসুধে যে পিতৃ-মাতৃৰ বিয়াৰ সময়ত সি কত আছিল?’

6

মুঠতে ক্ৰিকেটাৰ গৰাকীৰ পুনৰ বিবাহ দেখি সকলো হৈ পৰিছে ফুল্লিত।  

Category
Profile picture for user UB Photos