কোন সঁচা, কোন মিছা? NRC  কেলেংকাৰীৰ ভাগ হিচাবে আছুৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্যই সঁচাকৈয়ে লৈছিল নেকি মাহে ১৬ লাখকৈ টকা?

AASU

পুনৰ চৰ্চাত আছুৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য।NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হওতেই আৰম্ভ হৈছিল বিয়াগোম কেলেংকাৰী। অসমীয়াৰ মুখলৈ আশাৰ ৰেঙনি অনা NRC ৰ উন্নীতকৰণত কেলেংকাৰীয়ে ঢালিলে চেঁচাপানী।

বিগত বৰ্ষৰ শেষাৰ্ধত কেগৰ প্ৰতিবেদনে মুকলি কৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিয়াগোম কেলেংকাৰী।কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল প্ৰতীক হাজেলাৰ বিৰুদ্ধে। লগতে সাঙোৰ খাইছিল ছাত্ৰনেতা তথা সাংবাদিকৰ নামো। শেহতীয়াকৈ এটা ফেচবুক পষ্টে ৰাজ্যতে তুল-পাৰ লগালে। NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই লিখা কেইশাৰীমান বাক্যই এতিয়া ৰহস্যৰ খলকনি তুলিছে।আওপকীয়াকৈ এন আৰ চিৰ কেলেংকাৰীত আছুৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য জড়িত থকাৰ ইংগিত প্ৰদান কৰিছে দেৱশৰ্মাই।

তেখেতে লিখা ফেচবুক পষ্টটো চাওক-

1

হিতেশ দেৱশৰ্মাৰ অভিযোগৰ পিছতেই সমুজ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপন হৈছে হাজাৰ হাজাৰ প্ৰশ্নৰ। সমালোচনাৰ সন্মুখীন হৈছে মুখ্য উপদেষ্টা গৰাকী। অসমীয়াক প্ৰতাৰণা কৰাৰো অভিযোগ কৰাৰো অভিযোগ উঠিছে ভট্টাচাৰ্যৰ বিৰুদ্ধে। হিতেশ দেৱশৰ্মাই উল্লেখ কৰিছে যে বজাৰৰ খবৰ অনুসৰি সমুজ্বল ভট্টাচাৰ্যই মাহে লৈছিল ১৬ লাখকৈ টকা।কিন্তু তেখেতে উল্লেখ নকৰিলে কাৰ পৰা লৈছিল এই লাখ লাখ টকা। এতিয়া প্ৰশ্ন হয় আধৰুৱা অভিযোগ দি দেৱশৰ্মাই সৃষ্টি কৰিব বিচাৰিছে নেকি ধুৱলি-কুৱলি পৰিস্থিতিৰ?

আনহাতে হিতেশ দেৱশৰ্মাৰ অভিযোগৰ পিছতেই আছুৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্যই কয় যে হিতেশ দেৱশৰ্মা এজন মিছলীয়া ব্যক্তি। তেঁও দিয়া অভিযোগ সম্পূৰ্ণ মিছা। মাত্ৰ সস্তীয়া প্ৰচাৰৰ বাবে তেঁও এনে মিছা অভিযোগ দিছে। দেৱশৰ্মাই মানসিক ৰোগীৰ চিকিৎসকৰ পৰামৰ্শ লওক। কিয়নো মানসিক ভাৰসাম্য ঠিকে থকা ব্যক্তিয়ে এনে কাণ্ডজ্ঞানহীন কথা নকয়। উল্লেখ্য যে হিতেশ দেৱশৰ্মাৰ বিৰূদ্ধে মানহানিৰ গোচৰ তৰিবলৈ সাজু সমুজ্বল ভট্টাচাৰ্য।

সমুজ্বল ভট্টাচাৰ্যৰ মন্তব্য শুনি হিতেশ দেৱশৰ্মাই কয় যে সমুজ্বল ভট্টাচাৰ্য আদালতলৈ গলে ময়ো প্ৰত্যাহ্বান জনাবলৈ সাজু।

এতিয়া মাথো চলিছে অভিযোগ-প্ৰতিঅভিযোগ। অসমবাসীয়ে জানিবগৈনে NRC ৰ কেলেংকাৰীত প্ৰকৃততে কোন জড়িত?

Category
Profile picture for user UB Photos