পেকেট ফ্ৰুইট জুচ খাই ভাল পাই নেকি আপুনি? সাৱধান, ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰ!

Packet Fruit Juice

আজি কালি সকলোতেই উপলব্ধ পেকেটিং কৰা যিকোনো সামগ্ৰী। পেকেট ফলৰ ৰসো সহজতেই উপলব্ধ। কিন্তু আপোনাৰ শৰীৰৰ বাবে বিপদ মাতিব পাৰে পেকেটিং ফলৰ ৰস সেৱনে। কি কি সমস্যাৰ সৃষ্টি কৰিব পাৰে জানো আহক-

ক) শিশুৰ বাবে ক্ষতিকাৰক-  পেকেটত ভৰোৱা ৰসখিনি সংৰক্ষণ কৰি দীৰ্ঘদিনলৈ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইয়াত বহু ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলাই দিয়া হয়। সেয়েহে ইয়াৰ সেৱন শিশুৰ বাবে অতি ক্ষতিকাৰক হব পাৰে। যদি আপুনিও শিশুটিক পেকেটত ভৰোৱা ফলৰ ৰস অবিৰতভাৱে খাবলৈ দিয়ে তেন্তে তাৰ কুপ্ৰভাৱ পৰিব পাৰে। তাৰ পৰিৱৰ্তে সতেজ ফলবোৰ খাবলৈ দিয়ক। অন্যথা আপোনাৰ সন্তানৰ ফুড এলাৰ্জী, ছালৰ এলাৰ্জী আদি গুৰুতৰ সমস্যা হব পাৰে।

খ) পেটৰ লগত জড়িত ৰোগ- পেকেটত ভৰোৱা ফলৰ ৰস খালে ডায়েৰিয়া, কোষ্ঠকাঠিন্য আৰু হজম শক্তিৰ লগত জড়িত বহুতো ৰোগ হোৱাৰ আশংকা থাকে।

গ) মগজুৰ সমস্যাৰ আশংকা- বজাৰত পোৱা প্ৰায় সকলোবোৰ পেকেটত ভৰোৱা ফলৰ ৰসত জৈৱিক, কেডমিয়াম, পাৰা আদি ৰাসায়নিক পদাৰ্থ মিহলোৱা হয়।এইখিনি সেৱন কৰিলে শিশুৰ মগজুত বেয়া প্ৰভাৱ পৰিব পাৰে। সেয়েহে পেকেটত ভৰোৱা ফলৰ ৰস খোৱাৰ পৰা বিৰত থাকক।

ঘ) মেদবহুলতাৰ সমস্যাৰ বলি- পেকেট ফলৰ ৰস দীৰ্ঘ সময় ধৰি অবিৰতভাৱে সেৱন কৰিলে মেদবহুলতাৰ আশংকা থাকে।ইয়াত থকা চেনিৰ পৰিমাণ বেছি থাকে, যাৰ ফলত আপোনাৰ ওজন বৃদ্ধি পাব পাৰে।

গতিকে পেকেট ফ্ৰুট জুচ খোৱাতকৈ সতজে ফল খাওক তেতিয়াহে আপোনাৰ স্বাস্থ্য ভালে থাকিব।

 

 

Category
Profile picture for user UB Photos