আপুনি জানেনে ফেটী লিভাৰ ৰোগৰ লক্ষণ সমূহ কি কি?

Fatty Liver

বৰ্তমান সময়ত বহু সংখ্যক লোকেই ফেটী লিভাৰ ৰোগত ভোগা দেখা যায়।ফেটী লিভাৰ ৰোগত যকৃত(লিভাৰ)ৰ কোষবোৰত অত্যাধিক চৰ্বি জমা হয়।বহুলোকে বিশ্বাস কৰে যে যিসকলে অধিক সুৰা আদি সেৱন কৰে তেওঁলোকেহে এই সমস্যাৰ সন্মুখীন হয় কিন্তু এই ধাৰণা সঁচা নহয়। যিসকলে সুৰাপান নকৰে তেওঁলোকৰো এই ৰোগ হ'ব পাৰে। অৱশ্যে অধিক সুৰাপান কৰা লোকসকলৰ ক্ষেত্ৰত এই সমস্যাটো অধিক হোৱা দেখা যায়। 

যিসকল লোকে কেতিয়াও সুৰা সেৱন কৰা নাই তেওঁলোকৰো এই সমস্যা হ'ব পাৰে আৰু ইয়াৰ বহুতো কাৰণ থাকিব পাৰে। যেনে: উচ্চ কলেষ্টেৰলৰ স্তৰ, ডায়েবেটিচ, স্লিপ এপনিয়া, নিম্নসক্ৰিয় থাইৰইড ইত্যাদি। বেছিভাগ ক্ষেত্ৰত ৰোগটো আৰম্ভণিতে চিনাক্ত কৰা নহয়। বহুলোকে আনকি নাজানে যে এজন ব্যক্তিৰ বৰ্ধিত ওজনে ফেটী লিভাৰ ৰোগৰ আশংকাও বৃদ্ধি কৰিব পাৰে। লিভাৰ হৃদযন্ত্ৰৰ দৰেই এক গুৰুত্বপূৰ্ণ অঙ্গ, কিন্তু বহু মানুহে ইয়াক স্বাস্থ্যৱান কৰি ৰাখিবলৈ একেবাৰে চেষ্টা নকৰে।

ফেটী লিভাৰৰ লক্ষণ সমূহ হৈছে-

ক) পেটৰ ওপৰৰ সোঁ অংশত বিষ।

খ) অত্যাধিক ওজন হ্ৰাস।

গ) অত্যাধিক ভাগৰ।

ঘ)এলাহ বৃদ্ধি

 

Category
Profile picture for user UB Photos