মাইগ্ৰেনত আক্ৰান্ত হ’লে স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে। মাইগ্ৰেনৰ পৰা হাত সাৰিবলৈ খাদ্যাভাস, শৰীৰ চৰ্চা আদিৰ বিষয়ত বিশেষ সতৰ্ক হোৱা উচিত।
ক) পৰ্যাপ্ত টোপনি- ব্যস্ততাপূৰ্ণ জীৱনত পৰ্যাপ্ত টোপনি স্বাস্থ্যৰ বাবে অতিকে প্ৰয়োজন। প্ৰতিদিনেই আঠঘন্টা টোপনি স্বাস্থ্যৰ বাবে প্ৰয়োজন। মাইগ্ৰেনত আক্ৰান্তসকলৰ বাবে টোপনিত ব্যাঘাত হ’লে এই সমস্যা বৃদ্ধি হ’ব পাৰে।
খ) দুঃচিন্তাৰ পৰা মুক্ত হওক- বিভিন্ন ধৰণৰ ঘৰুৱা তথা বৃত্তিগত কামৰ হেচাঁৰ ফলত মগজুত অত্যাধিক চাপ পৰে। বিভিন্ন সমস্যাত পৰিলে স্বাভাৱিকতে মানুহৰ দুঃচিন্তা বৃদ্ধি পায়। ইয়াৰ ফলত নিদ্ৰাহীনতাৰ লগতে অন্যান্য শাৰীৰিক সমস্যাৰো সৃষ্টি হয়। মাইগ্ৰেনত আক্ৰান্ত সকলৰ বাবে দুঃশ্চিন্তাই বিপদ মাতি আনিব পাৰে।
গ) খাদ্য তালিকা- মাইগ্ৰেনৰ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ বাবে দৈনন্দিনৰ খাদ্য তালিকাৰ বিষয়ত বিশেষ গুৰুত্ব দিয়া উচিত। যিসকল মাইগ্ৰেনৰ দৰে সমস্যাত ভুগি থাকে তেওঁলোকে পৰাপক্ষত উপবাস কৰাৰ পৰা বিৰত থাকিব লাগে। উপবাসত থাকিলে মাইগ্ৰেনৰ সমস্যা বৃদ্ধি হ’ব পাৰে।
ঘ) ভজা-পোৰা খাদ্য পৰিহাৰ- সাধাৰণতে শীতকালত হজম শক্তি হ্ৰাস পায়। সেয়েহে ভজা-পোৰাৰ খাদ্যৰ পৰিৱৰ্তে সতেজ শাক-পাচলি খাদ্য তালিকাত নিয়মীয়াকৈ ৰাখিব লাগে।
ঙ) দুগ্ধজাত খাদ্য বেছিকৈ খোৱাৰ পৰা বিৰত থাকক- শীতকালত সাধাৰণতে শাৰীৰিক পৰিশ্ৰম হ্ৰাস পায়। যাৰবাবে খাদ্য খোৱাৰ পিছত হজম হ’বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। গাখীৰৰ দ্বাৰা প্ৰস্তুত কৰা যিকোনো খাদ্য খালে গেছজনিত সমস্যাত ভুগিব লাগে। সেয়েহে খাদ্য তালিকাত সহজে হজম হোৱা শাক-পাচলি বা অন্য আহাৰক প্ৰাধান্য দিব লাগে।
- Log in to post comments