'যিসকলে বিয়া কৰোৱা নাই সোনকালে সোনকালে বিয়া পাতি লওক। বেছি ৰখি থাকিলে দিগদাৰ। ২২ৰ পৰা ৩০ বছৰৰ ভিতৰত সন্তান জন্ম দিব লাগে।'

Himanta Biswa Sharma

শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে বাল্যবিবাহৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গৈছে।তেনেকুৱাতে শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আজি নিযুক্তি পত্ৰ প্ৰদান কৰা অনুষ্ঠানত এক বিশেষ মন্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে কম বয়সত সন্তান জন্ম দিবলৈ যেনেদৰে কিছুমান সমস্যা হব পাৰে। ঠিক তেনেকৈয়ে বেছি বয়স হলেও যি কোনো সমস্যাৰ সৃষ্টি হব পাৰে। সেয়েহে তেওঁ আহ্বান জনাইছে যে ২৩ ৰ পৰা ৩০ বয়সত সন্তান জন্ম দিব লাগে। যি সকলে বিয়া পতা নাই তেওঁলোকে সোনকালে বিয়া পাতি লওক। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই খবৰ।

Category
Profile picture for user UB Photos