বলিউডৰ চুপাৰহিট ছবি SUPER 30 ৰ বাস্তৱ প্ৰতিচ্ছবি এইবাৰ দেখিবলৈ পোৱা গৈছে এইখন অসমতে। শিক্ষক আনন্দ কুমাৰৰ পদাংক অনুসৰণ কৰি দৰিদ্ৰ ছাত্র ছাত্ৰীক বিনামূলীয়া শিক্ষাদান কৰি এইবাৰ চৰ্চিত হৈ পৰিছে গোলাঘাট জিলাৰ এজন শিক্ষিত যুৱক। গোলাঘাটৰ ঊষা গৰঙা অঞ্চলত এটা ব্যতিক্ৰমী কচিং চেন্টাৰত প্ৰায় দুই শতাধিক দৰিদ্ৰ ছাত্র ছাত্ৰীক সেৱামূলক শিক্ষাদানৰ ব্যৱস্থা কৰিছে প্ৰশান্ত সোনা নামৰ যুৱকজনে। বিদ্যাজ্যোতি নামৰ কচিং চেন্টাৰটোত সিমিত সা-সুবিধাৰ মাজেৰেই পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীক প্ৰতিদিনে গুণগত পাঠদানৰ ব্যৱস্থা কৰিছে মানৱ দৰদী শিক্ষক প্ৰশান্ত সোনাই। ইফালে শিক্ষক গৰাকীয়ে ছাত্র ছাত্ৰীসকলক শিক্ষাদানৰ বিনিময়ত কোনোধৰণৰ মাচুল নিৰ্ধাৰণ নকৰাত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ছাত্র ছাত্ৰীৰ সংখ্যা। অৱশ্যে সামৰ্থ্য অনুযায়ী কিছু সংখ্যক শিক্ষাৰ্থীয়ে নিম্নতম মাচুল পৰিশোধ কৰে যদিও অধিকাংশ দৰিদ্ৰ শিক্ষাৰ্থীয়েই বিনামূলীয়াকৈ শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিছে শিক্ষাকেন্দ্ৰটোত। উল্লেখযোগ্য যে, চাহ বাগিচা এলেকাটোৰ দৰিদ্ৰ ছাত্র ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ স্বাৰ্থতে শিক্ষক প্ৰশান্ত সোনাই বিগত ২০১৭ চনৰে পৰাই এনেদৰে নিস্বাৰ্থভাৱে শিক্ষাদান কৰি আহিছে। বৰ্তমান প্ৰদীপ দত্ত নামৰ এগৰাকী সচেতন লোকৰ সহায়ত শিক্ষক প্ৰশান্ত সোনাই প্ৰায় ত্ৰিশগৰাকী ছাত্র ছাত্ৰীৰ আবাসিক শিক্ষাৰো ব্যৱস্থা কৰিছে কচিং চেন্টাৰটোত। অৱশ্যে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় সা-সুবিধা নথকাৰ বাবে শিক্ষাদানত যথেষ্ঠ অসুবিধাৰো সন্মুখীন হৈছে উদ্যমী শিক্ষক প্ৰশান্ত সোনা।
- Log in to post comments