অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি কেতিয়াও নহা বাটেৰে গুচি গ’ল কাব্যঋষি, ঘূৰি চাও আহক তেখেতৰ কৰ্মৰাজি

Nilamoni Phukan

 

নিজৰ অনন্য সৃষ্টিৰাজিৰে অসমীয়া কবিতাক বিশ্ব দৰবাৰত কৰি তোলা বিশিষ্ট কবি নীলমণি ফুকনৰ অসমীয়া সাহিত্যলৈ অৰিহণা অপৰিসীম। বাগ্মীবৰ কবি নীলমণি ফুকন অসমীয়া সাহিত্যৰ তৃতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক।

অসমীয়া কাব্য-সাহিত্যত ফুকনৰ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু গোলাপী জামুৰ লগ্নউল্লেখযোগ্য। তেওঁৰ আন কবিতাপুথি সমূহ হ'ল সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, ১৯৬৫, আৰু কি নৈঃশব্দ্য্, জাপানী কবিতা, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গাৰ্থিয়া লৰ্কাৰ কবিতা, নৃত্যৰতা পৃথিৱী, চীনা কবিতা, অলপ আগতে আমি কি কথা পাতি আছিলোঁ আদি।

নীলমণি ফুকনৰ জন্ম হৈছিল গোলাঘাট জিলাৰ দেৰগাঁৱত ১০ ছেপ্টেম্বৰ ১৯৩৩ চনত। ইতিহাস বিষয়ত ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে তেওঁ। 'কবিতা' শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়৷ ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে৷ ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল' ২০০২ চনত প্ৰদান কৰা হয়৷ কবি ফুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধি প্ৰদান কৰে ৷২০২০ বৰ্ষৰ ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা সন্মান লাভ কৰে কাব্যঋষি নীলমণি ফুকনে। ১৯৬৪ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰা ফুকনে ১৯৯২ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।

Category
Profile picture for user UB Photos