নৱবৰ্ষৰ আৰম্ভণিতে বেয়াখবৰ! জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন আৰু নাই

1

কাব্যঋষি নীলমণি ফুকনৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১১ বাজি ৫৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিলে জ্ঞানপীঠ বঁটা বিজয়ী কবিগৰাকীয়ে। শ্বাসপ্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল কবিগৰাকী।

বুধবাৰে বিয়লিৰে পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল নীলমণি ফুকনৰ। প্ৰাৰম্ভিক অৱস্থাত ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত আছিল তেওঁ। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় 'গোলাপী জামুৰ লগ্ন'ৰ স্ৰষ্টাগৰাকীক।

জিএমচিএইচৰ চাৰি অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শৰ পিছতে তেখেতক লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাব্যঋষিৰ মৃত্যুত অতিয়া ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী।

Category
Profile picture for user UB Photos