চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে ভাল খবৰ! ৩ ফেব্ৰুৱাৰীত মুকলি হ'ব ড০ বেজবৰুৱা-২

Bezbaruah 2

আজি আনুষ্ঠানিকভাৱে মুকলি হ'ল ড০ বেজবৰুৱা-২ ছবিখনৰ শুভমুক্তিৰ দিন। ৩ ফেব্ৰুৱাৰীত দেশজুৰি মুকলি হ'ব ছবিখন। অসমৰ লগতে দেশৰ কেইবাখনো চহৰত মুকলি হ'বলগা ড০ বেজবৰুৱা একেলগে ১০০ খনতকৈও অধিক স্ক্ৰীণত একেদিনাই শুভমুক্তি হ'ব।

সোমবাৰে শক্তিপীঠ মা কামাখ্যা মন্দিৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল ছবিখনৰ প্ৰমচন। ছবিখনৰ প্ৰমচনৰ বাবে উপস্থিত হয় জুবিন গাৰ্গ। জুবিন গাৰ্গে অন্যতম চৰিত্ৰত অভিনয় কৰিছে ড০ বেজবৰুৱাত। লগতে ছবিখনৰ সংগীত জুবিন গাৰ্গৰ।

শক্তিপীঠত সেৱা লৈ মন্দিৰ প্ৰদক্ষিণ কৰে জুবিন গাৰ্গৰ লগতে ছবিখনৰ প্ৰযোজক সঞ্জীৱ নাৰায়ণ, সহপ্ৰযোজক ড০ অক্ষতা নাৰায়ণ, অভিনেতা সিদ্ধাৰ্থ গোস্বামী, কিংকিনী ভট্টাচাৰ্যৰ লগতে কলা কুশলীসকলে। জুবিন গাৰ্গৰ আহ্বান – ‘দৌৰি দৌৰি আহক ড০ বেজবৰুৱা চাওক।ছবিখনত দৰ্শকে সকলো দিশতে নতুন সোৱাদ লাভ কৰিব বুলি কয় জুবিন গাৰ্গে।

 

 

Category
Profile picture for user UB Photos