ভাগিনহঁতৰ সৈতে নাচিলে মামাই, মন্ত্ৰী সঞ্জয় কৃষাণে বজালে ঢোল

CM

বিশ্বনাথৰ চতিয়াৰ ৪৬ ভাগিনক বাসগৃহলৈ আমন্ত্ৰণ মুখ‍্যমন্ত্ৰীৰ। দেওবাৰে নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয় হাতীঙা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকল। ভাগিনহঁতক মাতি আনি এসাঁজ তৃপ্তিৰে খুৱালে মামাই।

মামাৰ ঘৰত উপস্থিত হোৱাৰ পিছতে ভাগিনহঁতে পৰিৱেশন কৰিলে ঝুমুৰ নৃত্য। ছাত্ৰছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ঝুমুৰ নৃত্যতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিদ্যালয়ৰ নানা কথা সোধাৰ লগতে আগতে গুৱাহাটীলৈ আহিছেনে নাই সেয়াও সুধিলে ছাত্ৰছাত্ৰীসকলক। লগতে তেওঁলোকে বিহু নাচিব পাৰেনে নোৱাৰে সেয়াও সুধিলে মুখ্যমন্ত্ৰীয়ে।

শিশুসকলে মুখ্যমন্ত্ৰীৰ আগত পৰিৱেশন কৰে জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, নিচুকনি গীত আদি। ভাগিনহঁতৰ অনুষ্ঠান উপভোগ কৰি আপ্লুত হৈ পৰে মুখ্যমন্ত্ৰী। এই নৈশ আহাৰৰ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সঞ্জয় কিষাণো। লগতে বিধায়ক দিগন্ত কলিতা আৰু ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে অনুষ্ঠানত।

হাতীঙা বাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ঝুমুৰ আৰু তুচুনৃত্য পৰিৱেশন কৰে। দুলাল মাংকীৰ গীতত মঞ্চত উঠি নাচিলে মুখ্যমন্ত্ৰীয়ে। ৰৈ নাথাকিল মুখ্যমন্ত্ৰীৰ পত্নী, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্তমল্ল বৰুৱা, পদ্ম হাজৰিকা, পল্লৱ লোচন আৰু ৰূপজ‍্যোতি কুৰ্মীও। কান্ধত ঢোল ল'লে মন্ত্ৰী সঞ্জয় কৃষাণে। মুঠৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ভাগিনহঁতক দিলে এক সুন্দৰ অনুভৱ, একেলগে খালে তৃপ্তিৰে এসাঁজ।

Category
Profile picture for user UB Photos