বৰ্ষাপাৰাৰ ভাৰত-শ্ৰীলংকাৰ প্ৰথমখম এদিনীয়া মেচৰ কাৰণে যান-বাহনক লৈ কি কি নিৰ্দেশনা জানো আহক?

Cricket

আগন্তুক ভাৰত-শ্ৰীলংকা মেচক লৈ অসম ক্ৰিকেট সংস্থাৰ সংবাদমেল।সাংবাদমেলত সভাপতি তৰংগ গগৈয়ে কয় যে প্ৰস্তুতি প্ৰায় সম্পন্ন । বিশ্বকাপ খেল অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত এ চি এ।ভাৰত-শ্ৰীলংকা মেচখন ভালকৈ হৈ যোৱাৰ বাবে কামাখ্যাত প্ৰাৰ্থনা কৰা হৈছে ,আজি আৰু কালি দুয়োটা দল আহি পাবহি, টিকট ১৫-১৬ হাজাৰ বিক্ৰী হৈছে। বাহিৰত পঠিওৱা ১০ হাজাৰৰ ভিতৰত ৭ হাজাৰ টিকট বিক্ৰী হব।বিশ্বকাপৰ বাবে এয়া এক প্ৰস্তুতি মেচ। বর্ষাপাৰাত বিশ্বকাপৰ মেচ হোৱাৰ এক ইংগিত পোৱা গৈছে। যান-বাহনৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰা হৈছে
 

১০ জানুৱাৰীত  ৰাষ্ট্ৰীয় ঘাইপথত  ৰাতিপুৱা ৭.৩০ ৰ পৰা নিশা ১১.৩০ লৈ গধুৰ যান বাহন চলোৱাত বাধা থাকিব, লখৰা চাৰিআলিৰ পৰা চাইকেল ফেক্টৰীলৈ oneway 'ব। নিৰ্দিষ্ট পাৰ্কিঙত হে খেল চাবলৈ অহা লোকে বাহন পাৰ্কিং কৰিব লাগিব। লগতে নিৰাপত্তা ক্ষেত্ৰত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই মন্তব্য কৰে যে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু, সাতখন গেটৰ নক্সা দিয়া থাকিব গেটত ।তিনি ঘণ্টাৰ আগত গেট খোলা হ'ব ৮ তাৰিখে খেলুৱৈ আহি পাবহি। ৯ তাৰিখে আগবেলা আৰু পিছবেলা অনুশীলন কৰিব আজি তিনিজন খেলুৱৈ আহিব ।কেৱল অনুজ্ঞা থকা বিষয়ববীয়া আৰু প্ৰশাসন বাহিৰে কোনো দর্শকক আহিবলৈ দিয়া নহটব ।জৰুৰীকালীন অৱস্থাৰ বাবে সকলো ব্যৱস্থা লম।উল্লেখযোগ্য যে কালি পিছবেলা আহি পাবহি শ্ৰীলংকা দল। ভাৰতীয় দলটো কালি বিভিন্ন সময়ত আহি উপস্থিত হ'ব গুৱাহাটীত।

Category
Profile picture for user UB Photos