অন্তিমটো দিনত অসমবাসীৰ বাবে ভালখবৰ!  এন্টাৰ্কটিকাৰ শীৰ্ষতম শিখৰত প্ৰথমবাৰলৈ উৰিল ফুলাম গামোচা

Assam

বছৰৰ অন্তিম দিনাই অসমৰ বাবে আহিল এটা ভাল খবৰ। যুক্তৰাষ্ট্ৰ নিবাসী পৰ্বতাৰোহী হেদায়েত আলীয়ে বৰফৰ দেশ এন্টাৰ্কটিকাৰ সৰ্বোচ্চ শিখৰ মাউণ্ট ভিনচেন্টৰ শীৰ্ষত উৰুৱাবলৈ সক্ষম হল অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা। গুৱাহাটীৰ দুঃসাহসিক ক্ৰীড়া সংগঠন EXPLORERS ৰ সদস্য হেদায়েত আলীয়ে হিমাংকৰ ৪৫ ডিগ্ৰী তলৰ প্ৰবল শীতৰ মাজত অভিযান অব্যাহত ৰাখি এই দুৰ্দান্ত সফলতা অৰ্জন কৰে।যোৱা ২৪ ডিচেম্বৰৰ দিনাই এই কৃতিত্ব তেওঁ লাভ কৰিছিল যদিও যোগাযোগৰ প্ৰতিকুলতাৰ বাবে আজিহে হেদায়েত আলীৰ সাফল্যৰ বাতৰি পোহৰলৈ আহে।

উল্লেখযোগ্য যে, আলীয়ে ইয়াৰ পূৰ্বে আন ৫খন মহাদেশৰ আন ৫টা সৰ্বোচ্চ শিখৰ ইতিমধ্যে আৰোহণ কৰাত সফল হৈছে। তেওঁ পূৰ্বে এছিয়া মহাদেশৰ লগতে পৃথিৱীৰ সৰ্বোচ্চ ২৯,০৩৫ ফুট উচ্চতাৰ মাউণ্ট এভাৰেষ্ট, দক্ষিণ আমেৰিকা মহাদেশৰ  আটাইতকৈ ওখ ২২,৮৩৮ ফুট উচ্চতাৰ মাউণ্ট একন'গুৱা, আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ ১৯,৩৪১ ফুট উচ্চতাবিশিষ্ট মাউণ্ট কিলিমাঞ্জাৰো, ইউৰোপৰ আটাইতকৈ ওখ ১৮,৫১০ ফুট উচ্চতাৰ মাউণ্ট এলব্ৰুচ আৰু অষ্ট্ৰেলিয়াৰ সকলোতকৈ ওখ ৭,৩১০ ফুট ওখ মাউণ্ট কচিউজকু আৰোহণ কৰিছিল। এতিয়া তেওঁ উত্তৰ আমেৰিকাৰ ২০,৩১০ ফুট ওখ মাউণ্ট দেনালী আৰোহণ কৰিবলৈ বাকী আছে। এই শিখৰ আৰোহণ কৰিলে আলী ৭খন মহাদেশৰ ৭টা সৰ্ব্বোচ্চ শিখৰ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া পৰ্বতাৰোহী হৈ পৰিব। ইফালে অসমৰ আন এজন পৰ্বতাৰোহী মনীষ ডেকাই এন্টাৰ্কটিকাৰ শিখৰটো বাদ দি আন ৬ টা সৰ্বোচ্চ শিখৰ আৰোহণ কৰিবলৈ সক্ষম হৈছে ।

 

Proud

২০২২ চনত ৫১ বছৰ বয়সত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি বিৰল কৃতিত্ব প্ৰদৰ্শন কৰা আলীয়ে এন্টাৰ্কটিকা অভিযানৰ বাবে যোৱা ১৪ ডিচেম্বৰত ছান ফ্ৰান্সিস্কোৰ পৰা ৰাওনা হৈছিল।

১৮ ডিচেম্বৰৰ দিনা এন্টাৰ্কটিকাৰ ইউনিয়ন গ্লেচিয়েৰত চিলিৰ পৰা বিমানেৰে গৈ অবতৰণ কৰাৰ পিছত ২০ ডিচেম্বৰত আলীয়ে বেছ কেম্পত উপস্থিত হয়গৈ। ২৪ ডিচেম্বৰৰ দিনা পুৱা ১০ বজাত ছাম্মিট কেম্পৰ পৰা শিখৰৰ শীৰ্ষৰ দিশে অভিযান আৰম্ভ কৰিছিল। এন্টাৰ্কটিকাৰ প্ৰচণ্ড শীতপ্ৰবাহৰ লগতে সুতীব্ৰ বতাহক নেওচি যাত্ৰা অব্যাহত ৰাখি বিয়লি ৬.০৫ বজাত ভিনচেন্ট মেছিফৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হয়। আলীয়ে শিখৰত Explorers ৰ লগতে তেওঁ পঢ়ি যোৱা গোৱালপাৰা সৈনিক স্কুল আৰু যোৰহাট অভিযান্ত্ৰিক মহবিদ্যালয়ৰ পতাকা উৰুৱাই দিয়ে। আজি নিশাৰ ভিতৰত তেওঁ উভটি যাব ছান ফ্ৰান্সিস্কোৰ নিজা ঘৰলৈ।

Category