ভাল খবৰ! এতিয়াৰে পৰা এছিয়াৰ খেলুৱৈ হ’ল ৰোনাল্ড’

Ronaldo

নৱবৰ্ষৰ প্ৰাকক্ষণত ভালখবৰ! ফুটবলৰ যাদুকৰ ৰোনাল্ডো এতিয়া এছিয়াৰ খেলুৱৈ৷ চৌদি আৰৱৰ আল নাছেৰ ক্লাবে শেহতীয়াকৈ ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক ছিন্ন কৰা ৰোলাল্ডৰ সৈতে কৰিলে চুক্তি।

 

ক্লাবটোৱে  টুইটত লিখিছে, "এটা নতুন ইতিহাস গঢ়িবলৈ ওলাইছো। ক্ৰিশ্চিয়ানো ৰোনাল্ডোলৈ স্বাগতম। তেওঁৰ আগমণে  আমাৰ ক্লাবক কিবা নতুন কৰিবলৈ অনুপ্ৰাণিত কৰিব। আমাৰ পৰৱৰ্তী প্ৰজন্মৰ শিশুসকলে নিজকে সৰ্বশ্ৰেষ্ঠ কৰি তুলিবলৈ অনুপ্ৰাণিত হ'ব।" ক্লাবটোৰ অধ্যক্ষ মুছালি আল মুয়াম্মাৰে এইদৰে লিখিছে: "এই চুক্তি এক ঐতিহাসিক চুক্তি । ৰোনাল্ডো নিজেই পৃথিৱীৰ সকলো খেলুৱৈৰ বাবে একআদৰ্শ। মই আশা কৰোঁ আল-নাছেৰ তেওঁৰ উপস্থিতিৰে ধন্য   'ব। '

এটা সাক্ষাৎকাৰত প্ৰশিক্ষকৰ  বিষয়ে বিৰূপ মন্তব্য কৰাৰ পিছতে বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে ম্যানচেষ্টাৰ ইউনাইটেডে ৰোনাল্ডোৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছিল। পৰ্টুগালৰ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক ফাৰ্নাণ্ডো চেণ্টোছৰ সৈতে তেওঁৰ বিবাদো মুকলি হৈ পৰিছিল। তেতিয়াৰ পৰা ৰোনাল্ডোৱে এটা নতুন ক্লাব বিচাৰি আছিল। তেওঁ চেম্পিয়নছ লীগত খেলা এটা ক্লাবৰ সৈতে চুক্তি  স্বাক্ষৰ কৰিব বিচাৰিছিল। তেওঁৰ এজেণ্ট জৰ্জ মেণ্ডেছেও ইউৰোপৰ কেইবাটাও ক্লাবৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু কোনো সঁহাৰি পোৱা নাছিল। 

চৌদি আৰৱৰ আল নাছেৰে ম্যানচেষ্টাৰ ইউনাইটেডৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ পিছত তেওঁক পাবলৈ আগ্ৰহী হৈ উঠিছিল৷ অৱশেষত তেওঁ চৌদি আৰৱৰ আল নাছেৰৰ সৈতে চুক্তি কৰিলে৷ চৌদি সংবাদ মাধ্যমৰ মতে ৰোনাল্ডোৱে আল নাছেৰৰ সৈতে সাত বছৰীয়া চুক্তি স্বাক্ষৰ কৰিছে। চুক্তিৰ পৰিমাণ বছৰি প্ৰায় ৬২১ কোটি টকা।

 

Category
Profile picture for user UB Photos