৫৭ বছৰীয়া হ’ল বলীউডৰ ভাইজান।

Salman Khan

আজি ছুপাৰষ্টাৰ ছলমান খানৰ জন্মদিন।৫৭ বছৰীয়া হল ভাইজান।  ছলমান খানৰ জন্ম হৈছিল ১৯৬৫ চনৰ ২৭ ডিচেম্বৰত বলীউডৰ বিখ্যাত সাহিত্যিক চেলিম খানৰ ঘৰত প্ৰথম সন্তান হিচাপে। ছলমান খানে ১৯৮৮ চনত বিৱি ​​হো তো আইছিছবিৰ জৰিয়তে অভিনয় জগতত ভৰি দিয়ে। কেৱল দেশতে নহয় বিদেশতো ভাইজানৰ অনুৰাগীৰ কোনো অভাৱ নাই। তেওঁ পৰ্দাত বিভিন্ন চৰিত্ৰৰে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁক ডাব্বাং, ভাইজান, চুলবুল পাণ্ডে আৰু বিভিন্ন নামেৰে পৰিচিত। জন্মদিন উপলক্ষে চলমান খানে সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে কেক কাটি অনুৰাগীসকলক অভিনন্দন জনায়। এই বছৰ চলমান খানে তেওঁৰ ভগ্নী অৰ্পিতাৰ ঘৰত নিজ জন্মদিন উদযাপন কৰিছে। তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ উক্ত স্থানলৈ সুনীল চেট্টী, সোনাক্ষী সিনহা, টাবু, লুলিয়া, আৰবাজ খান, সোহেল খান, জেনেলিয়া ডিচুজা, ৰীতেশ দেশমুখ, কাৰ্তিক আৰিয়ানকে ধৰি বহুতো বলিউদ চেলিব্ৰেটি উপস্থিত হয়।

Category
Profile picture for user UB Photos