
যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীত ভয়ংকৰ অগ্নিকাণ্ড
প্ৰথমে এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নি সংযোগ হোৱাৰ পাছতে কাষতে থকা প্ৰায় চাৰি , পাঁচ খন প্ৰতিষ্ঠানত অগ্নি সংযোগ হয়। প্ৰায় ১০ খনকৈ দোকান জ্বলি ভস্মীভূত হয় এই ভয়ংকৰ অগ্নিকাণ্ডত। ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পিছফালে থকা এটা ৩ মহলীয়া ঘৰো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। ভাৰত কেম্পাছ নামৰ এখন বিপনীত সংঘটিত এই অগ্নিকাণ্ড।

কেইবাঘন্টা জোৰা চলা শ্বাসৰুদ্ধকাৰ বিধ্বংশী অগ্নিকাণ্ডত জাহ গ'ল কেটি কোটি টকাৰ সম্পত্তি। বিস্ফোৰিত হয় ইটোৰ পিছত সিটোকৈ চিলিণ্ডাৰ। ৩২ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা কৰি আছে যদিও এতিয়াও সম্পূৰ্ণৰূপে নুমুৱাব পৰা নাই জুই। অগ্নিনিৰ্বাপক বাহিনীক সহায় কৰে বায়ুসেনাবাহিনীয়েও। নিশা প্ৰায় ১০ বাজি যোৱাৰ পিছত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ সূত্ৰপাত এতিয়াও জানিব পৰা হোৱা নাই।
- Log in to post comments