
এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া পৰ্যটকৰ ভিৰ। দেশী-বিদেশী পৰ্যটকৰ লানি নিছিগা সোঁত বৈছে ৰাষ্ট্ৰীয় উদ্যান খনত।

২ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যান খন পুনৰ মুকলি হোৱাৰ পিছত যোৱা ২ টা মাহত ৫০ হাজাৰতকৈও অধিক পৰ্যটক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটিছে।

উদ্যানৰ বিষয়াসকলে জনোৱা মতে নৱেম্বৰ মাহলৈকে বিদেশী পৰ্যটককে ধৰি প্ৰায় ৬৭, ৮৬৩জন পৰ্যটক ২ অক্টোবৰত পুনৰ মুকলি হোৱাৰ পিছত কাজিৰঙা ভ্ৰমণ কৰিছে।

অক্টোবৰত প্ৰায় ২৭,১১৫ দেশী পৰ্যটক আৰু ২৭৮ জন বিদেশী পৰ্যটক আছিল।

একেদৰে, যোৱা মাহত দেশী পৰ্যটকৰ সংখ্যা প্ৰায় ৩৯,১৩০ আৰু বিদেশী পৰ্যটকৰ সংখ্যা ১,৩৪০ লৈ বৃদ্ধি হৈছে
- Log in to post comments