গুজৰাটত অব্যাহত মোদীৰ মেজিক!

Modi

গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। এইপৰ্যন্ত দেখিবলৈ পোৱা ট্ৰেণ্ড অনুসৰি, বৃহৎ অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে। তাৰ বিপৰীতে প্ৰধান প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আৰু আপ বহু পিছ পৰি থকা দেখা গৈছে।

গুজৰাটৰ গান্ধীনগৰৰ বিজেপিৰ কাৰ্যালয়ত ইতিমধ্যে আৰম্ভ হৈছে সমৰ্থকসকলৰ আনন্দ উৎসৱ। এইপৰ্যন্ত ১৫৬ খন আসনত আগুৱাই আছে বিজেপি, কংগ্ৰেছ আগুৱাই আছে ১৮ খনত। আপে ৫ খনত আৰু অন্যান্য দলে ৩ খনত। ইতিমধ্যে বিজেপিয়ে ১৯ খন আসনত, কংগ্ৰেছে ১ খন আৰু অন্যান্য দলে ২ খন আসনত জয় লাভ কৰিছে।

Category
Profile picture for user UB Photos