
মুখৰ পৰা বেয়া গোন্ধ ওলালে লজ্জাজনক পৰিস্থিতিত পৰিবলগীয়া হয়। ইয়াৰ মানেই হৈছে যে শৰীৰৰত কিব নহয় কিবা সমস্যা হৈছে। কিছুমান খাদ্যৰ কাৰণেও মুখৰ ভিতৰত নাইবা নিশাহত দুৰ্গন্ধ সৃষ্টি কৰিব পাৰে। সেই সমূহ খাদ্য হৈছে-

ক)মাছ আৰু মাংস -মাছ আৰু মাংসৰ প্ৰ'টিন যকৃতত এচিড আৰু বেক্টেৰিয়াৰ প্ৰভাৱত এমিনো এচিডলৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াৰ ফলত এমোনিয়া-6 উৎপন্ন হয়। এমোনিয়াৰ গোন্ধ তীব্ৰ আৰু সোৱাদো তিতা হয়। এই গোন্ধই পিছত মুখৰ পৰা ওলাই আহে, বিশেষকৈ যদি মাছটো পৰ্যাপ্ত তেল আৰু মছলাৰে ভালদৰে ৰন্ধা নহয়। এই মুখৰ গোন্ধ বহু সময়লৈ থাকিব পাৰে।

খ)নহৰু -অত্যধিক ছালফাৰ যৌগ থকা বাবে নহৰু (Garlic)ৰ গোন্ধ অতি তীব্ৰ আৰু কাঢ়া হয়। বহুলোকে কেঁচা নহৰু চোবাই খায় আৰু ই স্বাস্থ্যৰ বাবে অতি ভাল অভ্যাস। কিন্তু এই অভ্যাসে মুখত দুৰ্গন্ধৰ সৃষ্টি কৰে। নহৰুৱে হজমৰ সময়ত বিভিন্ন ধৰণৰ ছালফাৰ যৌগ মুকলি কৰে, যাৰ ফলত মুখ আৰু নিশাহত দুৰ্গন্ধ ওলায়।

গ)পিঁয়াজ -নহৰুৰ দৰে পিঁয়াজতো যথেষ্ট পৰিমাণে ছালফিউৰিক যৌগ থাকে৷ ফলস্বৰূপে, যদি আপুনি কেঁচা পিঁয়াজ খায়, তেন্তে মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো নিশ্চিত। ৰন্ধাৰ সময়ত, পিঁয়াজৰ তীক্ষ্ণ গোন্ধ হ্ৰাস কৰিবলৈ প্ৰথমে পানীত তিয়াই থৈ পিছত অধিক মছলা আৰু ভিনেগাৰেৰে ৰন্ধা হয়।

ঘ)গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী -গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী খোৱাৰ ফলত মুখৰ দুৰ্গন্ধ হয় কিয়নো দুগ্ধজাত সামগ্ৰীত এমিনো এচিড থাকে আৰু পাচন ক্ৰিয়াৰ সময়ত ই ভাঙি ছালফাৰ যৌগ প্ৰস্তুত কৰে যাৰ ফলত মুখত গোন্ধ উৎপন্ন হয়।
- Log in to post comments