সাৱধান! ৰাজ্যত নাৰীদেহ ব্যৱসায়ী চক্ৰৰ বৃহৎ নেটৱৰ্ক

Human Trafficking

ৰাজ্যত নাৰীদেহ ব্যৱসায়ী চক্ৰৰ বৃহৎ নেটৱৰ্ক। বাক্সাৰ আৰক্ষীৰ জালত ছয় গৰাকী নাৰীদেহ সৰবৰাহকাৰী। নগাঁও,মৰিগাঁও আৰু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত চলোৱা অভিযানত এই বৃহৎ সাফল্য। আৰক্ষী বিষয়া গনেশ বৰ্মন আৰু সুনন্দ দাসৰ নেতৃত্বত এই বৃহৎ সাফল্য। বাক্সাৰ শিমলা আৰক্ষীৰ জালত পৰা নাৰীদেহ সৰবৰাহকাৰী কেইটা ক্ৰমে,দীপিকা দাস ওৰফে ধনু(নলবাৰী আৰিকুছি), ৰুনু দাস (গুৱাহাটীৰ বেহাৰবাৰীত),ইক্ৰামুল হুছেইন(নগাওৰ কলিয়াবৰ বৰঘুলি),কাচেম আলী(মৰিগাওৰ দাঙৰিগাও),বানেচা খাতুন(দাঙৰিগাও),দিলজান বেগম(মৰিগাও কলমৌবাৰী। সম্প্ৰতি মুল অভিযুক্ত আক্কেল আলী পলাতক। বাক্সাৰ পশ্চিম খাগ্ৰাবাৰীৰ এগৰাকী মহিলাক কেৰেলাত বিক্ৰিৰ বাবে পলাতক মুল অভিযুক্ত আক্কেল আলীয়ে ফুচুলাই নিছিল। পিচত মহিলা গৰাকীৰ পৰিয়ালে শিমলা থানাত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায় মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে ছয় গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি পলাতক মুল অভিযুক্ত আক্কেল আলীৰ নিৰ্দেশত ধৃত ছয় গৰাকী অভিযুক্তই দীৰ্ঘদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহি:ৰাজ্যত মহিলা - শিশুক ফুচুলাই নি বিক্ৰী কৰি আহিছিল। অধিক তথ্যৰ বাবে ধৃত ছয় গৰাকীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে

Category
Profile picture for user UB Photos