অপৰাজেয় ব্যক্তিত্ব,সাহস আৰু সংগ্ৰামৰ প্ৰতীক  বীৰ লাচিতৰ আজি ৪০০ বছৰীয়া জয়ন্তী 

Lachit Borphukan

আজি বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী। এক অপৰাজেয় ব্যক্তিত্ব,সাহস আৰু সংগ্ৰামৰ প্ৰতীক লাচিত বৰফুকন। কোনো এখন সমাজলৈ দৃঢ়,নি:স্বাৰ্থ,দুৰদৰ্শী ব্যক্তিৰ নেতৃত্বই আনি দিয়ে যুগান্তকাৰী পৰিৱৰ্তন। অসম ইতিহাসৰ ১৬৪৮ খ্ৰীষ্টাব্দৰ পৰা ১৬৮১ খ্ৰীষ্টাব্দলৈকে চলি থকা দুৰ্যোগপুৰ্ণ সময়খিনিত এনে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল ক্ষণজন্মা বীৰ লাচিত বৰফুকনে। লাচিত বৰফুকনে অসমীয়া সেনা,অসমীয়া জনগণৰ নেতৃত্ব নোলোৱা হ’লে আজি অসমীয়া জাতিৰ কি অৱস্থা হ'লহেঁতেন সেয়া ভাবিবলৈকে ভয়লগা।

লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটোত লাচিত দিৱস হিচাপে পালন কৰা হয়। লাচিত বৰফুকনৰ বংশ সম্পৰ্কে টাই আহোম বুৰঞ্জীত কিছু তথ্য পোৱা যায়। তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাঁজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল ম'-মাই তামূলী ফুকেলুং যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম'-মাইৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷ তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷

লাচিত বৰফুকন বা চাও লাচিত ফুকনলুং আছিল অসম ৰাজ্যৰ নৱমজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

বিশ্ব দৰবাৰত বীৰ লাচিত বৰফুকনক উপস্থাপন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে বহু প্ৰচেষ্টা হাতত লৈছে। ১৮ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ অসমকে ধৰি ৰাজধানী দিল্লীত ৰাজ্য চৰকাৰে মোগলক পৰাভূত কৰা বীৰ লাচিত বৰফুকনৰ জয়ন্তী পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু মহানগৰখনৰ বিভিন্ন স্থানত অসমৰ বীৰ লাচিত বৰফুকনৰ বিভিন্ন হৰ্ডিং, বেনাৰেৰে ভৰি পৰিছে। মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন উপলক্ষে অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ মাজতে নতুন দিল্লীৰ বিভিন্ন স্থানত তেওঁৰ প্ৰতিচ্ছবি অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। ১৮ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ অসমকে ধৰি ৰাজধানী দিল্লীত ৰাজ্য চৰকাৰে মোগলক পৰাভূত কৰা বীৰ লাচিত বৰফুকনৰ জয়ন্তী পালনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু মহানগৰখনৰ বিভিন্ন স্থানত অসমৰ বীৰ লাচিত বৰফুকনৰ বিভিন্ন হৰ্ডিং, বেনাৰেৰে ভৰি পৰিছে। মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন উপলক্ষে অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ মাজতে নতুন দিল্লীৰ বিভিন্ন স্থানত তেওঁৰ প্ৰতিচ্ছবি অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। 

Category
Profile picture for user UB Photos