'ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন' সুৰত জী উঠিবলৈ শিকোৱা মানুহজনৰ আজি ওপজা দিন।

Zubeen Garg

আজি অসমীয়াৰ হিয়াৰ আমঠুৰ ওপজা দিন। জীৱনৰ সোনালী জয়ন্তীত উপনীত হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ। জুবিনৰ গানত প্ৰাণ পাই উঠে সকলো।  কি শৈশৱ, কিশোৰ, যৌৱন সকলোৱেই ওমলে লুইতকণ্ঠৰ গীতত।  ১৯৯২ চনত অনামিকা এলবামেৰে গীতৰ এক সুৰীয়া যাত্ৰা আৰম্ভ কৰা মানুহজন আজিও ভাগৰা নাই। জুবিলৰ গীতত কান্দিব পাৰি, জুবিনৰ গীতত হাঁহিব পাৰি, জুবিনৰ গীতত ওমলিব পাৰি। মুঠতে কেৱল জুবিন। 

জুবিন গাৰ্গে অসমীয়াৰ লগতে বৰ্তমানলৈকে অসমীয়া, হিন্দী. বাঙালী, বড়ো, কোচ-ৰাজবংশি, কমতাপুৰী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী, আদি, গালো, মালায়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত গীত গাই তেওঁ সংগীত জগত আলোকিত কৰি ৰাখিছে।

এগৰাকী কণ্ঠশিল্পী হিচাপে জনপ্ৰিয়তা লাভ কৰাৰ পিছতে জুবিনে একাধাৰে সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা, পৰিচালক, কবি হিচাপেও তেওঁ জনপ্ৰিয়।

জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন বিশেষভাৱে উদযাপন কৰিবলৈ প্ৰস্তুতি কৰিছে তেওঁৰ অসংখ্য অনুৰাগীয়ে। এই বৰ্ষত যোৰহাটত জুবিনৰ জন্মদিন বৃহৎ আকাৰে পালন কৰাৰ বাবে আয়োজন কৰিছে জুবিন ফেন ক্লাবে। ‘অল আছাম জুবিন গাৰ্গ ফেন ক্লাব’এ আজি ১৮ নৱেম্বৰ তাৰিখে যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰিব। এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব।

জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ ৫০তম জন্মদিনক সোণালী বৰ্ষ হিচাপে উদযাপন কৰিব। সেয়েহে ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা কেক কটা হ’ব এই বিশেষ দিনটোত। জুবিনে নিজে ৫০ পাউণ্ডৰ কেকটো কাটিব আৰু আয়োজিত জন্মদিন উদযাপন কৰিব।

সুস্থ-সবল হৈ যাতে সদায় নতুন নতুন সৃষ্টি ৰচি যাওক তাৰে কামনাৰে পুনৰ এবাৰ মৰমৰ জুবিন দালৈ শুভকামনা।


 

Category
Profile picture for user UB Photos