আইচিচিয়ে পৰিৱৰ্তন কৰিলে বিশ্বকাপৰ ফাইনেলৰ নিয়ম,নতুন নিয়ম অনুসৰি হ’ব দেওবাৰৰ ফাইনেল

ICC FINAL

পাকিস্তান আৰু ইংলেণ্ডৰ মাজত  দেওবাৰে মেলবৰ্ণত অনুষ্ঠিত হ’ব  টি-২০ বিশ্বকাপৰ ফাইনেল । আইচিচিয়ে খেলখনৰ আগতে ফাইনেলৰ নিয়মৰ  কেইবাটাও পৰিৱৰ্তন কৰিছে। 
বিশ্বকাপত বৰষুণে খেলত যিদৰে প্ৰভাৱ পেলাইছে তাক লৈ আইচিচি চিন্তিত। গতিকে ফাইনেলৰ আগতে খেলৰ নিয়মত কিছু পৰিৱৰ্তন কৰা  হৈছে। 
আগতে, এখন টি-২০  খেল সমাপ্ত কৰিবলৈ মুঠ ৫ ঘণ্টা ১০  মিনিট সময় ধৰি দিয়া হৈছিল। এইবাৰ ফাইনেলৰ বাবে  অতিৰিক্ত দুঘণ্টা ৰখা হৈছে। অৰ্থাৎ, খেলখন সমাপ্ত কৰিবলৈ ৭ ঘণ্টা ১০  মিনিট সময়  থাকিব।
ফাইনেলখন দেওবাৰে মেলবৰ্ণত ভাৰতীয় সময় মতে দুপৰীয়া ১:৩০ বজাত আৰম্ভ হ'ব। তাৰ ৩০  মিনিট আগতে, দুপৰীয়া ১  বজাত, দুয়োটা দলৰ  অধিনায়ক বাটলাৰ আৰু বাবৰে টছ কৰিব। কিন্তু যদি বৰষুণ হয় টছ পৰ্ব  পিছুৱাই দিয়া হ'ব। আৰু যদি টছৰ পিছত বৰষুণ আৰম্ভ হয় খেল আৰম্ভ হোৱাত পলম হ'ব। বৰষুণ হ’লে ফলাফলৰ বাবে দুয়োটা দলে কমেও ১০ অভাৰ খেলিব লাগিব। সাধাৰণতে, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ফলাফলৰ বাবে দুয়োটা দলে ৫ অভাৰ বেটিং কৰিব লগা হয়। এইবাৰৰ বিশ্বকাপৰ বাবে ১০ অভাৰত তেনে কৰা হ’ব।
যদি বৰষুণৰ বাবে দেওবাৰে ফাইনেল খন খেলা নহয়  সোমবাৰে খেলখন অনুষ্ঠিত হ'ব। আইচিচিয়ে ইতিমধ্যে ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে অতিৰিক্ত দিন হাতত ৰাখিছে। যদি দেওবাৰে অলপ খেল হয়, বাকী খেল সোমবাৰৰ  হ'ব। অৰ্থাৎ খেলখন পুনৰ আৰম্ভ নহ'ব। য'ত ই বন্ধ হয়, খেলখন পিছদিনা তাৰে পৰাই আৰম্ভ হ'ব। যদি বৰষুণৰ বাবে ফাইনেল খেলা সম্ভৱ নহয়, আইচিচিৰ নিয়ম অনুসৰি দুয়োটা দলক যুটীয়া চেম্পিয়ন ঘোষণা কৰা হ'ব। 

Category
Profile picture for user UB Photos